top of page

নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ উদ্যোগত "Cheer 4 India Run Tokyo Olympic, 2020

কামৰূপ আমিনগাঁও ২৪ জুলাই:

আজি নেহৰু যুৱ কেন্দ্ৰ সংগঠন উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ ব্যৱস্থাপনাত কামৰূপৰ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আই আই টি, গুৱাহাটী খেলপথাৰলৈ "Cheers 4 India Run Tokyo Olympic 2020’' শীৰ্ষক শুভেচ্ছামূলক দৌৰ অনুষ্ঠিত কৰা হয়। দেশক প্রতিনিধিত্ব কৰা লাভলীনা বৰগোঁহাইৰ লগতে ভাৰতীয় দলটিক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচী বিধায়ক ভবেশ কলিতাই পতাকা জোকাৰি শুভাৰম্ভ কৰে।

শুভাৰম্ভণি ভাষণ প্ৰসঙ্গত তেওঁ কয় যে ৰাজ্যৰ ক্ৰীড়া ইতিহাসত অলিম্পিকত ভাগ লোৱা অসমৰ প্রথমগৰাকী মহিলা ৰূপে বক্সাৰ লাভলীনাই নাম খোদিত কৰিলে। লাভলীনাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ বাবেই আজিৰ এই অভিযান। তেওঁ খেলুৱৈগৰাকীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ক্ৰীড়া জগতত সুকীয়া স্থান দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। আজিৰ এই অনুষ্ঠানত কামৰূপ জিলা প্ৰশাসনৰ হৈ উপস্থিত থাকে জিলাৰ সহকাৰী আয়ুক্ত কৌষ্ঠৱ ৰয়। নেহৰু যুৱ বিকাশ কেন্দ্ৰৰ উপ সঞ্চালক তাপছ কুমাৰ প্ৰমানিক, নেহৰু যুৱ বিকাশ কেন্দ্ৰৰ মণ্ডল সঞ্চালক জে ৰাইভা, অসম ৰাজ্যিক পৰিবহনৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত কুশল হাজৰিকাৰ লগতে শতাধিক যুৱ প্ৰতিনিধিয়ে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।


16 views0 comments
bottom of page