টকীঅ অলিম্পিকৰ শুভ উদ্বোধন : বহুকেইজন ভাৰতীয় খেলুৱৈ এইবাৰ অলিম্পিকত
- Akshay Sharma
- Jul 23, 2021
- 1 min read
কংকনা দত্ত, ২৩ জুলাই:
বহু অপেক্ষাৰ অন্তত আজি জাপানৰ ৰাজধানী টকী'অত উদ্বোধন কৰা হয় ২০২১ বৰ্ষৰ অলিম্পিক খেল। এক আকৰ্ষণীয় পোহৰসজ্জাৰে আলোকিত কৰি তোলে জাপানৰ ৰাষ্ট্ৰীয় ষ্টেডিয়াম।
এইবাৰ বহুকেইজন ভাৰতীয় খেলুৱৈ নিৰ্বাচিত হৈছে টকী'অ অলিম্পিকত।
আৰ্চাৰ দিপীকা কুমাৰীয়ে প্ৰাৰম্ভিক শাখাত ৬৬৩ পইণ্টেৰে নৱম স্থান দখল কৰে
পুৰুষৰ ব্যক্তিগত শাখাত ভাৰতৰ তিনিগৰাকী আৰ্চাৰ প্ৰাৰম্ভিক ৰাউণ্ডত অৱতীৰ্ণ হৈ প্ৰবীন দাসে ৩১ নম্বৰ স্থান, অতনু দাসে ৩৫ স্থান আৰু তৰুণদ্বীপ ৰায়ে ৩৭ নম্বৰ স্থান দখল কৰে
দলীয় শাখাত ২৯ টা দলৰ ভিতৰত নৱম স্থান দখল কৰিছে ভাৰতে
কাইলৈ অনুষ্ঠিত হব পৰৱৰ্তী ৰাউণ্ড

Comments