top of page

ৱেব পৰ্টেল জননী লাইভৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান

সম্বৰ্ধনা তিনিগৰাকীকৈ বিশিষ্ট ব্যক্তিক, শতাধিক শুভাকাংক্ষীৰ উপস্থিতি

গোলাঘাটৰ পৰা মৃদুস্মিতা শৰ্মা ,জাৰ্ণেলিষ্ট বাৰ্তাঃ

অসমৰ অন্যতম জনপ্ৰিয় নিউজ ৱেব পৰ্টেল জননী লাইভে সম্পূৰ্ণ কৰিলে তিনিটা বৰ্ষ। আজি গোলাঘাট নগৰৰ নামবৰ গেষ্ট হাউচৰ সভাকক্ষত নামবৰ প্ৰকাশনৰ উদ্যোগত পালন কৰা হয় জননী লাইভৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। তথ্য জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰমোদ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি গোলাঘাটৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা তিনিগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দেৱজিৎ ৰাজখোৱা আৰু মৃদুস্মিতা শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত পূৰ্বৰ দৰে এইবাৰো তিনিগৰাকীকৈ বিশেষ ব্যক্তিক সঁফুৰা, চেলেং, গামোচা, সম্বৰ্ধনা পত্ৰৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট প্ৰকাশক তথা লেখক ক্ষীৰোদ কুমাৰ গোস্বামী আৰু গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি তথা শিশু সাহিত্যিক বিকাশ শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ লগতে প্ৰয়াত সাংবাদিক তথা কবি কৌস্তুভমণি হাজৰিকালৈ মৰণোত্তৰভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰে প্ৰয়াত সাংবাদিকগৰাকীৰ সহধৰ্মিনী তথা কবি ৰশ্মিতা শইকীয়াই। অনুষ্ঠানত তিনিওগৰাকী সম্বৰ্ধিত ব্যক্তিয়ে জননী লাইভৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে বিগত দিনসমূহত জননী লাইভৰ কৰ্মৰাজিৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে।

সভাত সভাপতিৰ পদ অলংকিত কৰা অৱসৰপ্ৰাপ্ত তথ্য জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰমোদ দত্তই বৰ্তমান সময়ত নিউজ পৰ্টেলসমূহৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পৰ্কত বিতংভাৱে ব্যাখ্যা আগবঢ়ায়।

সভাৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিক কৌস্তুভমণি শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। সভাত কেইবাগৰাকীও ব্যক্তিয়ে বক্তব্য প্ৰদান কৰাৰ লগতে জননী লাইভৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়েও বক্তব্য প্ৰদান কৰে। সভাত শিক্ষাবিদ তিলেশ্বৰ তামুলী, কবি, গোলাঘাট জিলা শিশু সুৰক্ষা বিষয়া তথা শিক্ষাবিদ ড০ লুকুমণি গোস্বামী, নামবৰ প্ৰকাশনৰ স্বত্বাধিকাৰী মমী গোস্বামী, সাংবাদিক দিগন্ত কুমাৰ বৰা, দীপমণি খাটনিয়াৰ, প্ৰকাশ শৰ্মা, সপোন তামুলী, লেখিকা মিনতি দলে, গ্ৰাছৰ সঞ্চালক অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা ৰটাৰী এলিগেনচ ক্লাৱ, গোলাঘাটৰ সম্পাদক ৰাজু বাগাৰীয়া, সহকাৰী সম্পাদক সীমা নাথ, সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপন গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাটৰ সম্পাদক ৰূপম বৰা, কবি পাপৰি শইকীয়া, কবি মণিষা শইকীয়া, সাংস্কৃতিক কৰ্মী ৰেখাশ্ৰী সন্দিকৈকে প্ৰমুখ্য কৰি কেইবাগৰাকীও সাংবাদিক, বিশিষ্ট ব্যক্তি আৰু জননী লাইভৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।



Commentaires


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page