top of page

মৰিগাঁৱৰ জালুগুটি আৰু এজাৰবাৰীত অবৈধ কাঠফলা মিল ধ্বংস কৰিলে বন বিভাগে

কল্পতৰু চৌধুৰী, মৰিগাঁও ২০ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত অবৈধ কাঠফলা মিলসমূহৰ বিৰুদ্ধে বন বিভাগৰ ব্যাপক অভিযান অব্যাহত আছে। আজি বন বিভাগে জিলাখনৰ জালুগুটি আৰু এজাৰবাৰি অঞ্চলত দুটা অবৈধ কাঠফলা মিল জব্দ কৰি ধ্বংস কৰে। উল্লেখ্য যে যোৱা কেইটামান মাহত বিভাগে মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত প্ৰায় ২০ টা অবৈধ কাঠফলা মিল ধ্বংস কৰিছে। মৰিগাঁৱৰ জিলা আয়ুক্তৰ নিৰ্দেশক্ৰমে বন বিষয়া ৰবীন বৈশ্যৰ নেতৃত্বত এই সমস্ত অভিযান অব্যাহত আছে। ইয়াৰ পূৰ্বে বন বিভাগৰ নেতৃত্বত মৰিগাঁও জিলাৰ মৈৰাবাৰী, লাহৰীঘাট, গছৰগুৰি, মণিপুৰীটুপ, সাতগাঁও আদি অঞ্চলকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলোৱা হৈছিল। স্মৰ্তব্য যে যোৱা ৩০ জানুৱাৰীত মৰিগাঁও জিলা উন্নয়ন সমিতিৰ বৈঠকত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বিভিন্ন ঠাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠা অবৈধ কাঠফুলা মিলসমূহ চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতেই বন বিভাগৰ উদ্যোগত অবৈধ কাঠফলা মিলসমূহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হয়। বন বিষয়াগৰাকীয়ে কয় যে জিলাখনৰ অবৈধ কাঠফলা মিলসমূহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। বন বিভাগে এনে অবৈধ কাৰ্যকলাপক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে বুলি তেওঁ স্পষ্ট কৰি দিয়ে।


13 views0 comments
bottom of page