ছয়াবিনৰ খেতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ পদক্ষেপ।কৃষি বিজ্ঞানী আৰু কৃষি বিভাগৰ বিষয়াক লৈ সাতদিনীয়া বিশেষ প্ৰশিক্ষণ আৰম্ভ
- Akshay Sharma
- Feb 20, 2024
- 1 min read
যোৰহাট,২০ ফেব্ৰুৱাৰী : অসমত ছয়াবিনৰ খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে খাদ্য পৰিপুষ্টিৰ দিশত ছয়াবিনক অধিক গুৰুত্ব প্ৰদান কৰাৰ লক্ষ্যৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা সাতদিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়াই অংশগ্ৰহণ কৰা প্ৰশিক্ষণৰ উদ্ধোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত উপাচাৰ্য গৰাকীয়ে ছয়াবিন ভিত্তিক উদ্যোগৰ বাবে অসমত থকা সম্ভাৱনীয়তাৰ ওপৰত বক্তব্য আগবঢ়াই অধিক পৰিমাণে ছয়াবিনৰ খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ছয়াবিনৰ মুল্য সংযোজিত বহু খাদ্যাভ্যাস জনপ্ৰিয় হোৱা আৰু সেই অনুপাতে অসমত পৰ্যাপ্ত কেঁচামাল উৎপাদন নোহোৱা বাবেই অসমৰ অতি সম্ভাৱনাপূৰ্ণ এই উদ্যোগতো গঢ়ি উঠা নাই নাই বুলি উল্লেখ কৰে। অসম কৃষি বিশ্ববিদ্যালয় ছয়াবিন গৱেষণা প্ৰকল্পৰ গৱেষক বিজ্ঞানী ড: মুনমী বৰাই আত ধৰা আৰু প্ৰধান বিজ্ঞানী তথা আঁচনি তত্বাৱধায়ক ড: ইদ্ৰিছ আলি শ্বেখে উদ্দেশ্যে বাখ্যা কৰা অনুষ্ঠানটোত উদ্ভিদৰ প্ৰজনন আৰু বংশগতি বিভাগৰ মুৰব্বী অধ্যাপক ড: কিশোৰ কুমাৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে । এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড: প্ৰসন্ন কুমাৰ পাঠক, কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়া,সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত কৃষি উদ্যোগী আকাশ জ্যোতি গগৈ আৰু জাবালিক খাউণ্ডেও অংশগ্ৰহণ কৰে । অনুষ্ঠানত শলাগ জ্ঞাপন কৰে ড: ৰূমজুম ফুকনে।
Comments