ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আৰু অ.পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ বুজা -পৰাৰ চুক্তিত সাক্ষৰ
- Akshay Sharma
- Sep 1, 2023
- 2 min read
গুৱাহাটী, ১ ছেপ্টেম্বৰ ২০২৩:
গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আৰু অ.পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়, চনিপাতৰ মাজত ১ ছেপ্টেম্বৰত গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় প্ৰাংগনত এখন বুজা - পৰাৰ চুক্তি সাক্ষৰ হয়।
এই দুয়োখন বিশ্ববিদ্যালয়ৰ উমৈহতীয়া প্ৰচেষ্টাই ছাত্ৰ ছাত্ৰী আৰু ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ক এক বিশেষ মাত্ৰা প্ৰদান কৰিব।
প্ৰফেছৰ ড: চি ৰাজ কুমাৰৰ নেতৃত্বত অ.পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ পাঁচজন প্ৰতিনিধিৰ দলে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
উভয় পক্ষৰে সকলো দিশত সহায়ক হোৱাকৈ চুক্তিখনত সাক্ষৰ কৰে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড: এ কে পাঞ্চাৰি আৰু অ. পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ড: চি ৰাজ কুমাৰে।
অনুষ্ঠানত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ শীৰ্ষ নেতৃবৃন্দৰ লগতে প্ৰফেছৰ ড: এছ পি সিং, উপাচাৰ্য- ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আৰু সকলো শিক্ষকে অংশগ্ৰহণ কৰে ।
ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ বাবে এইয়া এক গৌৰৱৰ বিষয় যে অ. পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ে প্ৰশিক্ষক বিশ্ববিদ্যালয় হিচাবে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ লগত চুক্তি কৰিছে।
অ. পী. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ক QS World University Rankings 2023 য়ে ভাৰতৰ ১ নম্বৰ বেচৰকাৰী বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিছে।
প্ৰশিক্ষক বিশ্ববিদ্যালয় হিচাপে আগন্তুক দিনত অ. পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ক সকলো ধৰণে সহায় সহযোগ আগবঢ়াব যেনে বিশিষ্ট অতিথিৰ দ্বাৰা বক্তৃতা, ছাত্ৰ - ছাত্ৰীৰ এক্সচাঞ্জ অনুষ্ঠানৰ লগতে ডুৱেল ডিগ্ৰী আৰু চেমেষ্টাৰ আব্রড প্ৰগ্ৰাম।
গ্ৰীষ্মকালীন আৰু শীতকালীন পাঠ্যক্ৰমৰ সুযোগৰ ব্যৱস্থা, শিক্ষক উন্নয়ন প্ৰশিক্ষণ অনুষ্ঠান, পৰীক্ষাগাৰ আৰু কেন্দ্ৰীয় যন্ত্ৰাংশৰ সুবিধা, গৱেষণাত সহযোগিতা আৰু পুঁজিৰ বাবে যৌথ উদ্যোগ প্ৰকল্পৰ কাম কাজ কৰা হব।
ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ শিক্ষকৰ সৈতে অ. পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ড: চি ৰাজ কুমাৰৰ এক আছুতীয়া সাক্ষাৎকাৰ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানটোৰ অন্তত অ. পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ ভালেসংখ্যক পৰামৰ্শ ৰয়েল গ্লোবেল পৰিয়ালে গ্ৰহণ কৰে।
এই চুক্তিৰ অন্তত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ উন্নত মানদণ্ডৰ শিক্ষা আৰু গৱেষণাৰ লগতে উদ্ভাৱনৰ লক্ষ্যত উপনীত হোৱাৰ পথ আৰু অধিক প্ৰসাৰিত হব।
অ. পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ দলে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰি অতি কম সময়ৰ ভিতৰত এক আন্ত-ৰাষ্ট্ৰীয় মানদণ্ডৰ আন্ত: গাঁথনি গঢ়ি তোলাৰ বাবে শলাগ লয়।

留言