top of page

ৰঞ্জন দৈমাৰীক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰ সন্দৰ্ভত অঞ্জলি দৈমাৰীৰ সংবাদমেল

ভালৰ বাবে নে বেয়াৰ বাবে স্থানান্তৰ কৰা হৈছে? -অঞ্জলিৰ সন্দেহ

প্ৰমোদ বড়োৱে আজি দেখা সপোন ৰঞ্জন দৈমাৰীয়ে ৩০ বছৰ আগতেই দেখিছিল

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰি ৬ আগষ্টঃ

প্ৰাক্তন এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীক বিগত ২২ জুলাই তাৰিখে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দশম অসম আৰক্ষী বেটেলিয়নৰ চাউনীলৈ সংগোপনে স্থানান্তৰ কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। বিষয়টো সন্দৰ্ভত ২ আগষ্টত প্ৰাক্তন এনডিএফবিৰ একাংশ কেডাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছদিনা আৰ্থাৎ ৩ আগষ্টত পুনৰ বিষয়টো সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে তিনিটাকৈ সংগঠনে। বড়ো উইমেন জাষ্টিছ ফ'ৰাম, বিপিচিপিআই আৰু এছ‌আইপিআৰে যৌথভাৱে আদালগুৰি চহৰৰ মাজমজিয়াত সম্বোধন কৰা সংবাদমেলখনত উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে বড়ো উইমেন জাষ্টিছ ফ'ৰামৰ উপদেষ্টা তথা ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীয়ে।

সাংবাদিকসকলৰ সন্মুখত প্ৰকাশ কৰি তেওঁ কয় যে "যোৱা ২৭ জুলাই তাৰিখে ম‌ই মোৰ ভাতৃৰ খবৰ লবলৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ গৈছিলো। কিন্তু অতি আচৰিত যে তেওঁক লগ কৰিব বিচৰাত কাৰাগাৰৰ কৰ্তৃপক্ষ‌ই অৱগত কৰে যে বৰ্তমান ৰঞ্জন দৈমাৰী এইখন কাৰাগাৰত নাই। বিগত ২২ জুলাই তাৰিখেই দৈমাৰীক কাৰাগাৰৰ পৰা দশম অসম আৰক্ষী বেটেলিয়নৰ কেম্পলৈ স্থানান্তৰ কৰা হৈছে। খবৰটো শুনি ম‌ই আচৰিত হৈ আৰক্ষী চাউনীটোলৈ গ'লো কিন্তু মোক প্ৰৱেশ কৰিব নিদিয়াত পুনৰ কাৰাগাৰ কৰ্তৃপক্ষৰ যাৱতীয় অনুমতি লৈ দশম অসম আৰক্ষী বেটেলিয়নৰ চাউনীত নিৰাপত্তাৰক্ষীৰ জৰিয়তে প্ৰৱেশ কৰি ২০ মিণিট সময় ৰঞ্জন দৈমাৰীৰ সৈতে কথা পাতো। তেওঁক বৰ্তমান দুটাকৈ কোঠাত আৱদ্ধ কৰি বাহিৰৰ পৰা তলা মাৰি ৰখা হৈছে। গতিকে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰাৰ কথা জানিবলৈ পোৱা গৈছে।" বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক অঞ্জলি দৈমাৰীয়ে প্ৰশ্ন কৰাত ভালৰ বাবেহে দৈমাৰীক কাৰাগাৰৰ পৰা স্থানান্তৰ কৰাৰ কথা জানিবলৈ দিয়ে।

সংবাদ মাধ্যমে হুলস্থুল লগাব বুলি ভাবি স্থানান্তৰিত কৰা বিষয়টো ৰাজহুৱা নকৰা বুলি ৩১ জুলাইত অঞ্জলি দৈমাৰীক ফোনযোগে জানিবলৈ দিছে। এই সন্দৰ্ভত আজিৰ সংবাদমেলত প্ৰশ্ন উত্থাপিত কৰি অঞ্জলি দৈমাৰীয়ে কয় যে "যদিহে ৰঞ্জন দৈমাৰীৰ ভালৰ বাবে এই কামটো কৰা হৈছে তেন্তে বিষয়টো কিয় অন্ধকাৰত ৰখা হ'ল? ইয়াৰ বাবে আমি মনত অত্যন্ত দুখ পাইছো। চৰকাৰৰ যদি ভাল সদিচ্ছা আছে তেন্তে তেওঁক মুকলি কৰি দিয়ক অথবা কাৰাগাৰতে ৰাখক। ইয়াৰ বিপৰীতে আৰক্ষী চাউনী এটাত বিশেষ কাৰাগাৰ স্থাপন কৰি তেওঁক ৰখাৰ প্ৰয়োজন কি? যিসময়ত বাংলাদেশৰ ধাকাৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰি অনা হৈছিল, সেই সময়ৰ পৰাই আমি চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ সহযোগিত কৰিছিলো। শান্তি স্থাপনৰ স্বাৰ্থত আমি চৰকাৰক সহায় কৰিছিলো। শান্তিৰ বাবে বহু কবলগা কথা সংবাদ মাধ্যমত নকলো। প্ৰশাসনেও আমাক বিশ্বাসত লৈ আগবাঢ়িছিল। কিন্তু এইবাৰ চৰকাৰ প্ৰশাসনে তেওঁক স্থানান্তৰ কৰাৰ সময়ছোৱাত বিষয়টো কিয় পৰিয়ালক নজনালে? আমাক কিয় বিশ্বাসত নল'লে চৰকাৰে? বৰ্তমান ৰাজ্যত বিজেপি ইউপিপিএলৰ মিত্ৰজোটৰ চৰকাৰ থকাৰ পাছতো ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা স্থানান্তৰণৰ কথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো অথবা বিধায়ক লৰেঞ্চ ইছলাৰীকো অৱগত কৰা নাছিল চৰকাৰে। ইয়াৰ বিপৰীতে কিছুদিন পূৰ্ৱে মুখ্যমন্ত্ৰীৰ চিৰাং ভ্ৰমণৰ সময়ত প্ৰমোদ বড়োৱে বিষয়টো উত্থাপন কৰাত দৈমাৰীক চিৰাঙত বিশেষকৈ ৰখাৰ কথা উল্লেখ কৰে। তাৰ বাবে স্থান নিৰ্বাচনৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে বিটিআৰ প্ৰদানক আহ্বানো জনায়।" আজিৰ সংবাদমেলত মহিলা নেত্ৰীগৰাকী ক্ষোভিত হৈ কয় যে "ৰঞ্জন দৈমাৰীক এনেদৰে এঠাইৰ পৰা আনঠাইলৈ স্থানান্তৰ কৰা বিষয়টোৱে বড়োসকলৰ আৱেগ অনুভুতিত আঘাত হানিছে। এনেকুৱা কৰাটো সহ্য কৰিব নোৱাৰো, জাতিটোৱে সহ্য নকৰে। অতিশীঘ্ৰে কাৰাৰুদ্ধ হৈ থকা ৰঞ্জন দৈমাৰীৰ লগতে জৰ্জ বড়ো ৰিফিখাং গয়াৰীৰ লগতে কাৰাৰূদ্ধ আন কেদাৰসকলক চৰকাৰে মুকলি কৰি দিয়ক। যদি তেওঁলোকৰ অপৰাধ ক্ষমনীয় নহয় তেন্তে বিটিআৰ অঞ্চলত শান্তি চুক্তিৰো প্ৰয়োজন নাছিল। এনডিএফবি নামৰ সংগঠনটোৱে ৰাজনৈতিক কাৰণতহে হাতত অস্ত্ৰ তুলি লৈছিল। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ৰঞ্জন দৈমাৰীৰ পৰা যি বিচাৰিছিল সেয়া দৈমাৰীয়ে সম্পূৰ্ণ কৰিলে। এতিয়া যদি কিবা কৰিবলগীয়া আছে, সেয়া কেৱল কেন্দ্ৰ, ৰাজ্য আৰু বিটিআৰ চৰকাৰৰ হাতত আছে। চৰকাৰখনে দৈমাৰীক মুকলি কৰি দিয়াৰ নামত যিকোনো স্থানত তলা মাৰি ৰাখিলে আমি শান্তিত থাকিব নোৱাৰো। বিষয়টো বড়ো ৰাইজ তথা আমি মানি লব নোৱাৰো। এনডিএফবি নেতাসকলৰ ওপৰত বিশ্বাস নাথাকিলে চৰকাৰে চুক্তি কৰিব‌ই নালাগিছিল।

বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছত কোকৰাঝাৰত প্ৰধানমন্ত্ৰী অহাৰ দিনা এম বাথাসহ আন শীৰ্ষ এনডিএফবি নেতাক বেলেগ স্থানত বন্দী কৰি ৰাখিছিল। সংগঠনটোৰ ওপৰত বিশ্বাস নাছিল বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিদি যিকোনো অঘটনৰ বাবে সন্দেহ কৰি তেওঁলোকক আৱদ্ধ কৰা হৈছিল। চৰকাৰে শান্তিৰ স্বাৰ্থত সকলোকে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া উচিত।" ইয়াৰ পাছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰ্তমান ৰঞ্জন দৈমাৰীৰ শাৰীৰিক মানসিকভাৱে অৱস্থা ভাল নহয় বুলি অঞ্জলি দৈমাৰীয়ে উল্লেখ কৰে। ইফালে প্ৰমোদ বড়ো সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে "প্ৰমোদ বড়োৱে মুকলিকৈ আন্তৰিকতাৰে কেতিয়াও ৰঞ্জন দৈমাৰী মুকলি হ‌ওঁক বুলি আহ্বান জনোৱা নাই। আজি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে অঞ্চলটোৰ বাবে যি শান্তিৰ সপোন দেখিছে, সেই সপোন ৩০ বছৰ আগতেই ৰঞ্জন দৈমাৰীয়ে দেখিছিল। যদিহে চৰকাৰে আমাৰ আৱেগ অনুভূতিৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে তেন্তে আগন্তুক দিনত আমি ন্যায়ালয়ৰ আশ্ৰয় লবলৈ বাধ্য হব বুলি সংবাদমেলত আজি সৰৱ হয় দৈমাৰী।

জনসাধাৰণ বৰ্তমান খঙত আছে। ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈ আছে সকলো। কিন্তু আমি বৰ্তমান সেই পৰিৱেশ সৃষ্টি হোৱাটো বিচৰা নাই। চৰকাৰলৈ দুদিনলৈ বাট চাম। পৰিৱেশ বেয়াৰ ফালে ঢাল খোৱাৰ পূৰ্ৱেই যাতে চৰকাৰে ব্যৱস্থা গ্ৰণ কৰে তাৰ বাবে আশা প্ৰকাশ কৰিছো।" আজিৰ সংবাদমেলত বড়ো উইমেন জাষ্টিছ ফ'ৰামৰ সভানেত্ৰী ৰেইমালী মোচাহাৰী, বিপিচিপিআইৰ সাধাৰণ সম্পাদক বৰুদাংছা বসুমতাৰী, এছ‌আইপিআৰৰ সাধাৰণ সম্পাদক ডেম্ফু দৈমাৰীৰ লগতে আটাইকেইটা সংগঠনৰ কিছুসংখ্যক কৰ্মী উপস্থিত থাকে।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page