top of page

ৰঙাপৰা প্ৰেছ ক্লাৱৰ সদস্যৰে বিধায়ক কৃষ্ণ কমল তাঁতীৰ সৈতে মত-বিনিময়

প্ৰতিবেদক, ৰঙাপৰা ৬ চেপ্তেম্বৰঃ

ৰঙাপৰা অঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰত আজি ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৰঙাপৰা প্ৰেছ ক্লাৱৰ সদস্য সকলৰ সৈতে এক মত-বিনিময় কৰে। ১৯৯৫ চনতে স্থাপন হোৱা ৰঙাপৰা প্ৰেছ ক্লাৱৰ বৰ্তমানলৈ কোনো স্থায়ী কাৰ্যালয় নথকা বাবে উক্ত মত-বিনিময় অনুষ্ঠান ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি সুনিল মৰৰ বাসগৃহত অনুষ্ঠিত হয় আৰু অনুষ্ঠানটি আতঁ ধৰে প্রেছ ক্লাবৰ সম্পাদক হিমাংশু শইকীয়াই । উল্লেখ্য যে ২৫ বছৰ অতিক্ৰম কৰা ৰঙাপৰা প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয় এটা স্থাপন নোহোৱা বিষয়টো বিধায়ক কৃষ্ণ কমল তাঁতীয়ে তেওঁৰ কাৰ্যকালত স্থায়ীভাৱে স্থাপন কৰিব বুলি সাংবাদিক সকলক আস্বাস প্ৰদান কৰে। লগতে প্ৰধানকৈ অঞ্চলটোত বিধায়ক তাতিয়ে নিজৰ বক্তব্যত কয় - চাহ বাগিচা অঞ্চল সাধাৰণতে শৈক্ষিক দিশত পিছপৰা। তাতে আকৌ হাতীয়ে বাগিচা অঞ্চলৰ বিদ্যালয় ভঙাত পুনৰ ক্ষতি সাধন হব বুলি প্ৰকাশ কৰি ইয়াৰ এক সমাধানৰ পোষকতা কৰে। লগতে ৰঙাপৰাত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মান কৰাৰ বাবে ভূমি হলেই সেয়া হৈ উঠিব।

ৰঙাপৰা মহাবিদ্যালয়ত সম্প্ৰতি থকা আন্তঃক্ৰীড়া ভৱনতো বেডমিণ্টন, বক্সিং ৰ প্ৰশিক্ষণৰ জড়িয়তে ইচ্ছুক খেলুৱৈক আগবঢ়াই নিয়াৰ পোষকতা কৰে। নগৰখনৰ সন্দৰ্ভত কিছু পৰিকল্পনা কৰা বুলি সদৰী কৰি সকলোৰে গঠনমূলক পৰামৰ্শ কামনা কৰে। শিক্ষা,ক্ৰীড়া আৰু চাহ বাগিচা সমুহত বন্যহস্তীৰ উপদ্ৰৱ, সুৰামুক্ত পৰিবেশ, কিদৰে অঞ্চলটোক আৰু ৰঙাপৰা সমষ্টিক এক আটক ধুনীয়া মডেল সমষ্টি হিচাপে গঢ়ি তুলিব পাৰি তাৰ প্ৰতি পৰিকল্পিতভাৱে গুৰুত্ব প্ৰদান কৰা কথা উল্লেখ কৰে।তাৰোপৰি পঞ্চায়ত সমুহত ৰূপায়ন হোৱা চৰকাৰী আচনি সঠিক ৰূপায়ন কৰা লক্ষ্য ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ। কালি বিয়লি ৰঙাপৰা প্ৰেছ ক্লাবৰ সদস্য সকলৰ সৈতে আনুষ্ঠানিক ভাবে সমষ্টিলৈ নিৰ্বাচিত হৈ অহাৰ পাছত কালি ৰঙাপৰা প্ৰেছ ক্লাবৰ সৈতে পোন প্ৰথম বাৰৰ বাবে এক বৈঠকত মিলিত হয়।

উল্লেখ্য যে প্ৰাক্তন বিধায়ক তথা ৰাজহ মন্ত্ৰী পল্লবলোচন দাসে প্ৰদান ভূমি ডুখৰ চাৰিদুৱাৰ ৰাজহ বিভাগৰ কাৰ্যালয়ৰ পূৰ্বৰ বিষয়া সকলৰ চৰম হেমাহিৰ বাবেই ৰঙাপৰা প্রেছ ক্লাবৰ ভুমি হৈ নুঠিল বুলি প্রেছ ক্লাবৰ বিষয় ববীয়া সকলে বিধায়ক গৰাকীক অৱগত কৰে। আনহাতে উক্ত অনুষ্ঠানত ৰঙাপৰা দুৰুং প্ৰেটল পাম্পৰ সমীপত সৃষ্টি হোৱা কৃএিম বানপানী সন্দৰ্ভত ৰাইজে জীয়াতু ভুগি অহাৰ কথা অৱগত কৰি অঞ্চলটোৰ দল সংগঠনৰ স্বাক্ষৰিত এখন স্মাৰক পএ বিধায়ক গৰাকীৰ হাতত অৰ্পন কৰা হয় ।বৈঠকত সভাপতি সুনিল মৰ, সহকাৰী সম্পাদক চাহিন আহমেদ, জয় কিশোৰ ঝা, শশী শৰ্মা, চাজাহান কুৰেছী,ৰাজীব নাথ, বিটু ডেকা আৰু সদস্য সকল উপস্থিত থাকি মত বিনিময় কৰে।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page