top of page

ৰঙাপৰাত সদ্ভাৱনা দিৱস উদযাপন

প্ৰতিবেদক,ৰঙাপৰা,১৮আগষ্ট:

সদ্ভাৱনা দিৱস আজি ৰঙাপৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত উদযাপন কৰা হয়।ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মাই সভাত উপস্থিত সকলোকে শপত বাক্য পাঠ কৰোৱায়। আজিৰ সভাত খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মাই জাতি, সম্প্ৰদায়, ধৰ্ম আৰু ভাষাৰ ওপৰত ভিত্তি কৰি বৈষম্য নকৰিবলৈ আৰু লগতে সকলো নাগৰিকৰ মাজত যাতে একতা আৰু সম্প্ৰীতি অক্ষুণ্ণ থাকে তাৰ বাবে কাম কৰাৰ পৰামৰ্শ আগবঢ়ায়। সভাত ১৬আগষ্ট তাৰিখত কলিকতাৰ চিকিৎসালয়ত মৃত্যু বৰণ কৰা নাহৰনী গাঁও পঞ্চায়তৰ জিৱিকা সখী মনিকা দেউৰীৰ আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওৰ আত্মাৰ সদ্গতি কামনা কৰে৷আজি ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এক বিদায় সভা অনুষ্ঠিত হয়। খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত সভাত অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা অভিযানৰ খণ্ড প্ৰকল্প বিষয়া ৰাজিৱ সোৰেংক আনুষ্ঠানিক ভাবে বিদায়ী সম্ভাষণ জনোৱা হয়।নিজ কৰ্তব্য সুকলমে পালন কৰি সেৱা আগবঢ়াই অঞ্চলটোৰ আত্ম সহায় গোট সমুহক এক নতুন ৰূপত গঢি তুলিছিল বুলি খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মাই উল্লেখ কৰে। আজিৰ সভাত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী লক্ষীপ্ৰভা তাঁতী, নতুনকৈ নিয়োগ হোৱা খণ্ড প্ৰকল্প বিষয়া মালা সাউদ, খণ্ড সম্বনয়ক আকাশ তিৰ্কী,দ্বিপজ্যোতি বৰাইক, বিকাশ মাতে,সঞ্জুশেখৰ খাতিয়াৰৰ লগতে জিৱিকা সখী,কৃষি সখি,পশু সখি,বেংক মিত্ৰৰ লগতে সমুহ কৰ্মচাৰী বৃন্দ উপস্থিত আছিল। ইপিনে আজি অসম চাহ মজদুৰ সংঘতো সদ্ভাৱনা দিৱস উদযাপন কৰা হয়।অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনিল টুটীয়ে কাৰ্যালয়ৰ সমুহ বিষয়া কৰ্মচাৰীক শপত বাক্য পাঠ কৰোৱায়। বাগিচা অঞ্চলত দুৰ্নীতিমুক্ত অঞ্চল হিচাপে গঢ় দিয়া আৰু সকলোকে সম দৃষ্টিৰে চাই সকলোকে সমান অধিকাৰ প্ৰদানৰ পোষকতা কৰিবলৈ তেওঁ আহ্বান জনায়।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page