top of page

ৰঙাপৰাত দৰ্শন আচঁনিৰ পুজিঁ বিধায়কে অৰ্পন কৰিলে ৰেলৱে নামঘৰক

প্ৰতিবেদক ৰঙাপৰা, ২৯ জুলাই:

কালি ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৰঙাপৰাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে ৰেলৱে নগৰখনৰ অন্যতম ধৰ্মীয় অনুষ্ঠান ৰঙাপাৰা ৰেলৱে ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ হাতত অসম দৰ্শন আঁচনিৰ পুঁজি হস্তান্তৰ কৰে | কভিদৰ নিয়মাৱলী পালন কৰি অনুষ্ঠুপিয়াকে আয়োজন কৰা অনুষ্ঠানটোত কাৰ্য্যকৰী সভাপতি প্ৰসেন ডেকা, সম্পাদক দেবমনি বৰঠাকুৰ, নাম ঘৰীয়া কেশৱ শৰ্মা উপৰিও মুনিন বৈশ্য, জিতেন ডেকা, বনস্মিতা শইকীয়াৰ লগতে নামঘৰৰ কাৰ্য্যকৰী সদস্য সকল উপস্থিত থাকে |

ধৰ্মীয় অনুষ্ঠান সমূহৰ আন্তৰ গাঁথনি উন্নীতকৰণৰ জৰিয়তে সমাজখনক ধৰ্ম আৰু কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চৰকাৰৰ যি এক সদিচ্চা তাক নামঘৰ পৰিচালনা সমিতিয়ে আদৰণি জনাইছে।উল্লেখ্যযে কালি বিধায়ক কৃষ্ণ কমল তাতীয়ে অঞ্চলটোৰ প্ৰায় ১০ খন নামঘৰ পৰিচালনা সমিতিৰ হাতত অসম দৰ্শন আঁচনিৰ পূঁজি হস্তান্তৰ কৰে।


Comentarios


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page