top of page

যোৰহাটত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্তৰ সভা

মাজুলীৰ জিলা পৰিষদৰ মুখ্য কাৰ্যৱাহী বিষয়া দিতিমণি পেগুক যোৰহাটত নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি

যোৰহাট,অক্টোবৰ ২৫:

দেউৰী স্বায়ত্ব শাসিত পৰিষদ, যোৰহাটৰ নিৰ্বাচন সন্দৰ্ভত আজি জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যবেক্ষকৰ উপস্থিতিত প্ৰাৰ্থীসকল,দলীয় প্ৰতিনিধি আৰু প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়৷ অহা ৮ নবেম্বৰত অনুষ্ঠিত হ'বলগীয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে কৰিবলগীয়া খৰছৰ সীমা,নিৰ্বাচন আয়োগৰ নিয়ম নীতি,বেনাৰ পোষ্টাৰ,ৰাজহুৱা সভা, নিৰ্বাচনী প্ৰচাৰ আদিৰ বিষয়ে সভাত বিষদভাৱে আলোচনা কৰা হয়৷জিলা উপায়ুক্ত গৰাকীয়ে আগন্তুত নিৰ্বাচনটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোকে জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷

আনহাতে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ নিৰ্দেশমৰ্মে আজি যোৰহাটত উপস্থিত হোৱা নিৰ্বাচনী পৰ্যবেক্ষক তথা মাজুলীৰ জিলা পৰিষদৰ মুখ্য কাৰ্যৱাহী বিষয়া তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দিতিমণি পেগুৱে সভাত প্ৰাৰ্থী আৰু দলীয় প্ৰতিনিধিসকলক শুভেচ্ছা জ্ঞাপন কৰে৷উক্ত নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কীয় যি কোনো ওজৰ আপত্তি বা কোনো তথ্য জানিবলগীয়া থাকিলে ৰাইজে পৰ্যবেক্ষক গৰাকীক মোবাইল নম্বৰ ৯৪৩৫০৮৮৬৬৭ ত যোগাযোগ কৰিব পাৰিব৷

উল্লেখ্য যে, অহা ৬ নৱেম্বৰ,২০২২ ৰ বিয়লি ৪ বজা পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অনুমতি প্ৰদান কৰা হৈছে৷ আনহাতে ১০ নৱেম্বৰ তাৰিখে ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে৷আজিৰ সভাত দেউৰী স্বায়ত্ব শাসিত পৰিষদ,যোৰহাটৰ ৰিটাৰ্নিং বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, নডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ,অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বহুকেইজন জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page