ৰঙাপৰা কলেজলৈ পৰিচ্ছন্ন-সেউজ চৌহদ বঁটা
- Akshay Sharma
- Aug 5, 2021
- 1 min read
প্ৰতিবেদক,ৰঙাপৰা,৫ আগষ্ট:
আজি দিনৰ ১১ বজাত অনুষ্ঠিত এক অনলাইন অনুষ্ঠানত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ অন্তৰ্গত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীন শিক্ষা পৰিষদে 'এক জিলা এক সেউজ চৌহদ বঁটা' অভিযানৰ অধীনত ৰঙাপৰা কলেজক শোণিতপুৰ জিলাৰ পৰা পৰিচ্ছন্ন আৰু সেউজ কলেজ চৌহদৰ বঁটা প্ৰদান কৰে। বিগত বৰ্ষটিত ৰঙাপৰা কলেজে সেউজ চৌহদ, অনাময়, স্বচ্ছতা, জল সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
তদুপৰি মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক সকলে কোভিড কালিন পৰিস্থিতিত আৰ্তজনক সহায় কৰা, বাগিচাৰ শ্ৰমিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰা, কলেজৰ লেৱৰেটৰীত চেনিটাইজাৰ উৎপাদন কৰি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰা, মাস্ক চিলাই কৰি দুখীয়া ৰাইজৰ মাজত বিলাই দিয়া আদি মহান কাৰ্য সম্পাদন কৰা বাবে কেন্দ্ৰীয় চৰকাৰ পৰা শ্ৰেষ্ঠ কোভিড যোদ্ধা কলেজৰ স্বীকৃতিও লাভ কৰে। আজি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ অধীনস্থ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ শিক্ষা পৰিষদৰ অধ্যক্ষ ড০ প্ৰসন্ন কুমাৰৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসদেৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনলাইন বঁটা প্ৰদান অনুষ্ঠানত অধ্যক্ষ ড০ ৰঞ্জন কলিতা, সেৱা আঁচনি বিষয়া ড০ অশ্বিনী কুমাৰ ডেকা, অধ্যাপক ড০ ৰাকেশ ম'ল্লিক আৰু উপাধ্যক্ষ ড০ ৰনেন্দ্ৰ মোহন ডেকাই কলেজৰ সেউজ আঁচনি আৰু কাৰ্যায়লীৰ বিষয়ে অবগত কৰে।
চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈ, জিলাখনৰ অন্যান্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুকদেৱ অধিকাৰি, ড০ অজিত হাজৰিকা, ড০ তপন কলিতা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, সাংবাদিক হিমাংশু শইকীয়া আদিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত পৰিচালনা সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, সদস্য উপেন শৰ্মায়ো অভিনন্দনমূলক বক্ত্বব্য প্ৰদান কৰে।

Comentarios