top of page

৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সেনানীক সন্মানীয় ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা

যোৰহাট, ৯ আগষ্ট :

১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা দেশৰ ৮৫ গৰাকী স্বাধীনতা সেনানীক আজি সন্মানীয় ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা জনোৱা হৈছে৷ উল্লেখযোগ্য যে সম্বৰ্ধনা জ্ঞাপন কৰা দেশৰ মুঠ ৮৫ গৰাকী সেনানীৰ ভিতৰত টীয়কৰ চন্দ্ৰধৰ চেতিয়া অসমৰ একমাত্ৰ সেনানী ৷অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি যোৰহাট জিলা প্ৰশাসনে সন্মানীয় ৰাষ্ট্ৰপতিৰ হৈ সেনানীগৰাকীক যোৰহাট জিলাৰ টীয়ক হাঁহচৰা চেতিয়া গাঁৱত চন্দ্ৰধৰ চেতিয়াৰ নিজা বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে।যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আজি ভাৰত ত্যাগ আন্দোলনৰ সেনানী চন্দ্ৰধৰ চেতিয়াক তেখেতৰ বাসগৃহত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে সন্মানীয় ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ আৰু অংগ বস্ত্ৰ প্ৰদান কৰে৷

তদুপৰি জিলা প্ৰশাসনৰ তৰফৰ পৰাও মুক্তি সেনানী গৰাকীক এখৰাহী ফলমূল,গছ পুলি,সঁফুৰা আৰু চেলেং চাদৰ প্ৰদান কৰি অভিনন্দন জনোৱাৰ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰা হয়৷ ৰাষ্ট্ৰপতি গৰাকীয়ে মুক্তি সেনানীসকলৰ প্ৰতি গ্ৰহণ কৰা এই পদক্ষেপক সেনানীগৰাকীয়ে শলাগ লয় আৰু দেশৰ হকে কৰা ত্যাগৰ মূল্য আজি তেওঁ লাভ কৰিবলৈ পাই অতি আনন্দিত হৈছে বুলি জানিবলৈ দিয়ে৷

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন,টীয়ক ৰাজহ চক্ৰ বিষয়া সৌভিক ভূঞা আৰু টীয়ক ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নীলাক্ষী বৰাই অংশগ্ৰহণ কৰে৷


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page