top of page

"সংস্কৃতিৰ আহিলা উন্মোচন"

গুৱাহাটী, ২৫ জুন:

"সংস্কৃতিৰ আহিলা উন্মোচন" অনুষ্ঠানটি ২৪ জুন শুকুৰবাৰে স্থানীয় "প্ৰেছ ক্লাব"ত অনুষ্ঠিত হৈ যায় । উন্মোচন কৰা সংস্কৃতিৰ আহিলা কেইপদ আছিল মহাত্মা গান্ধীৰ "বেয়া নকবা,বেয়া নুশুনিবা আৰু বেয়া নকৰিবা"ৰ আৰ্হিত তৈয়াৰী তিনিটি মেজত সজাই থ'ব পাৰা ভকতৰ পুতলা " ভকত-বৈষ্ণব-পৰম-বান্ধৱ" আৰু লোকবাদ্য যন্ত্ৰ খোল আৰু মাদলৰ আৰ্হিত নিৰ্মিত চাবি ৰিং।গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত আহিলা কেইবিধ উন্মোচন কৰে পদ্মশ্ৰী ড০ সূৰ্যকান্ত হাজৰিকা আৰু পদ্মশ্ৰী ড০ জয়শ্ৰী গোস্বামী মহন্তই ।

অনুষ্ঠানত উপস্থিত থাকে "নেৰামেক"ৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস ,দৈনিক অসম কাকতৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্ত আৰু "ৰয়েল গ্লবেল বিশ্ববিদ্যালয়"ৰ অধ্যাপক দ্বয় ড০ হীৰক ৰঞ্জণ দাস আৰু ড০ শংকৰ বৰ্মনে । উল্লেখ্য যে "ৰয়েল গ্লবেল বিশ্ববিদ্যালয়"ৰ ছাত্ৰ মেহদি আলম আৰু পেট্ৰাছ বাৰইকে তেখেত সকলৰ অধ্যাপক দ্বয়ৰ তত্বাবধানত চাবি ৰিং দুবিধ সাজি উলিয়াই । পুতলাভাগ তৈয়াৰ কৰি উলিয়াইছে ডিব্ৰুগড়ৰ বিশিষ্ট স্থপতিবিদ যদুমণি গগৈ ডাঙৰীয়াই । ভাষণ প্ৰসঙ্গত আটায়ে লোকৰত্নগৰ্ভা ড০ ডলী দাসৰ সুযোগ্য পুত্ৰ অভিযন্তা শংকৰ কৃষ্ণ দাসে আগভাগ লৈ সংস্কৃতিৰ আহিলা দুবিধ আৰু "ভকত-বৈষ্ণব-পৰম-বান্ধৱ " পুতলাভাগ সাজি ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ বাবে আটায়ে তেখেতৰ শলাগ লয় আৰু আগলৈও আগভাগ লৈ এনেধৰণৰ ন-ন সংস্কৃতিৰ আহিলা ৰাইজৰ মাজলৈ উলিয়াই দিব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত "ৰয়েল গ্লবেল বিশ্ববিদ্যালয়"ৰ ছাত্ৰী শ্ৰুতি গগৈয়ে এটি সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page