top of page

সাতামপুৰুষীয়া সামাজিক সদ্ভাৱ আৰু ভাতৃত্ববোধ ৰক্ষা সম্পৰ্কত দৰং জিলা প্ৰশাসনৰ মত বিনিময় সভা

২৫ আগষ্ট:

দৰং জিলাত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল যাতে সুদৃঢ় হৈ থাকে তাৰ ওপৰত গুৰুত্ব দি দৰং জিলা প্ৰশাসনে  আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন মত বিনিময় সভাৰ আয়োজন কৰে । জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত জিলাখনৰ কেবাখনো সমাজ তথা সন্মিলনীৰ প্ৰতিনিধিসকল উপস্থিত থাকে । উল্লেখযোগ্য যে বিগত সময়ত দৰং জিলাত হৈ যোৱা অনাকাংক্ষিত ঘটনাৰ পৰিপ্ৰেক্ষিতত এই বিশেষ সভাৰ আয়োজন কৰা হয় ।


সভাত দৰং জিলাৰ ব্ৰাহ্মণ সমাজ, জিলা ব্ৰাহ্মণ মহাসভা, শ্ৰীমন্তশংকৰদেৱ  সংঘ, যোগী সন্মিলনী, কলিতা জনগোষ্ঠীৰ সন্মিলন, জিলা কেওট সন্মিলন, জিলা কোচ ৰাজবংশী সন্মিলনী, জিলা কুমাৰ সন্মিলনী,  কৈৱৰ্ত সমাজ, শালৈ সন্মিলনীৰ প্ৰতিনিধিসকলে সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ মন্তব্যসমূহ দাঙি ধৰে আৰু উপায়ুক্তই ভাতৃত্ববোধ ৰক্ষা সম্পৰ্কত এনেকুৱা সভা অনুষ্ঠিত কৰাৰ পদক্ষেপক শলাগ লয় । সভাত সকলো প্ৰতিনিধিয়ে সময়ৰ লগত খোজ মিলাই আগবঢ়াৰ লগতে কুসংস্কাৰৰ পৰা মুক্ত হব লাগে বুলি মন্তব্য কৰে আৰু মানৱ ধৰ্মহে আচল ধৰ্ম বুলি উল্লেখ কৰে ।

সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে অবিভক্ত দৰং জিলাৰ সাতামপুৰুষীয়া কৃষ্টি- সংস্কৃতি লগতে আমাৰ বিভিন্ন জাতি- জনজাতিৰ এনাজৰীডাল সদায় সুদৃঢ় হৈ থাকিব বুলি আশা প্ৰকাশ কৰে আৰু সকলো সমাজ তথা সন্মিলনৰ প্ৰতিনিধিসকলক সমাজত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । আমি জাতি-জনগোষ্ঠীৰ ঐকতাৰ এনাজৰী ডাল পাহৰি যাব নালাগে বুলি মন্তব্য কৰে ।


মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত কুমাৰ দাসে কয় যে বিগত কিছুদিন আগতে ঘটা এই ঘটনাই যাতে জিলাখনত শেষ ঘটনা হয় আৰু পুনৰাবৃত্তি নহয় তাৰবাবে সমাজৰ মাজত বৈষম্য পৰিহাৰ কৰি চলিবলৈ সকলোকে অনুৰোধ জনায় ।


সভাত সভাপতিত্ব কৰি দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই কয় যে এইধৰণৰ জাতিগত কথাত মনোনিবেশ নকৰি উন্নয়নৰ দিশত জিলাখন আগবঢ়াই নিয়াটোৱে প্ৰকৃত উদ্দেশ্য হব লাগে । সকলোকে মিলাপ্ৰীতিৰে থাকি জিলাখনৰ সুনাম অটুট ৰাখিবলৈ আহবান জনায় ।


সভাত দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা, দৰং জিলাৰ বি জে পি ৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, জিলা পৰিষদৰ সভাপতি ধীৰেণ ডেকা প্ৰমুখ্যে গন্যমান্য লোকসকল উপস্থিত থাকে ।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page