top of page

শোনিতপুৰত ঝলাঝলা নামৰ বেচৰকাৰী সংগঠনৰ জিলা সমিতি গঠন

প্ৰতিবেদক,ৰঙাপৰা ২০ আগষ্ট :

এক স্বচ্ছতাৰ প্রতিশ্রুতিৰে সামাজিক অৰ্থনৈতিক শৈক্ষিক তথা বৌদ্বিক উদ্দেশ্যৰে ঝলঝলা নামৰ বেচৰকাৰী সংগঠনটোৰ শোণিতপুৰ জিলা শাখা সমিতিখন কালি গঠন কৰা হয়। সমিতি গঠন সভা কাৰ্য্যসুচীত সদৌ অসম ঝলাঝলা বেচৰকাৰী সন্থাৰ স্থায়ী সভাপতি অৰজিৎ ৰায় প্রধানী, সম্পাদিকা বকুল ৰয় উপস্থিত থাকি এই সংগঠনটোৰ বিশদ ভাবে ভবিষ্যৎ দিনৰ উদ্দেশ্য উল্লেখ কৰে। তাৰোপৰি তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দেবেন বৰুৱাই উদ্দেশ্য, লক্ষ্য, কাৰ্য্যপ্রনালী , সবিস্তাৰে উপস্থিত সকলোৰে আগত দাঙি ধৰে।

ইপিনে সভাত তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় শইকীয়া, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ৰামচৰন ডেকাক, উপদেষ্টা হিচাপে লৈ মধুস্মিতা নেওগক সভাপতি আৰু দীপক তেলীক সম্পাদক হিচাপে নিৰ্বাচিত কৰি সাত জনীয়া এখনি শক্তিশালী শোণিতপুৰ জিলা সমিতি গঠন কৰা হয়।


Comentários


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page