শোণিতপুৰত ই-নিৰীক্ষণ চফ্টৱেৰ মুকলি উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ
- Akshay Sharma
- Aug 7, 2021
- 2 min read
প্ৰতিবেদক, ৰঙাপৰা, ৭ আগষ্ট:
আজি শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্য়ালয়ৰ সভাকক্ষত আয়োজন এক সভাত ই-নিৰীক্ষণ নামৰ এক তথ্য আৰু যোগাযোগ প্ৰযুক্তি ভিত্তিক ব্যৱস্থা মুকলি কৰে উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে ৷ নেশ্যনেল ইন্ফৰমেটিকছ চেণ্টাৰৰ জিলা ইনফৰমেটিকছ বিষয়া অনুপ বৰুৱা আৰু সহকাৰী জিলা ইনফৰমেটিকছ বিষয়া জয়ন্ত কুমাৰ নাথৰ নেতৃত্বত এন আই চিৰ এক দলৰ দ্বাৰা প্ৰস্তুত কৰা এই ৱেবভিত্তিক এপ্লিকেছন ছফটৱেৰৰ দ্বাৰা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত বিভিন্ন গুৰুত্বপূৰ্ণ সভাত লোৱা সিদ্ধান্ত সমূহ সঠিকভাৱে ৰূপায়ন কৰা হৈছে নে নাই তাৰ নিৰীক্ষণ কৰাৰ বাবে এই ব্যৱস্থা কাৰ্যক্ষম কৰা হৈছে ৷ এই এপ্লিকেছনটো https://enirikshan.nic.in ত উপলব্ধ হ’ব ৷
উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ দ্বাৰা উদ্ভাৱিত এই চফ্টৱেৰৰ যোগেদি প্ৰকৃত সময়ত নিৰীক্ষণ (Real-time monitoring) সম্ভৱ হ’ব আৰু তেনে গৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ প্ৰকৃততে কাৰ্যকৰী কৰা হৈছে নে নাই তাৰো নিৰীক্ষণ সম্ভৱ হ’ব ৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সমূহে নিজৰ গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবেদন এই চফ্টৱেৰ যোগে জমা দিব পাৰিব ৷
সভাত ভাষণ প্ৰসঙ্গত উপায়ুক্তগৰাকীয়ে প্ৰতিজন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াক এজনকৈ নডেল বিষয়া নিয়োগ কৰিবলৈ নিৰ্দেশ দি আগন্তুক দিনত তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ উল্লেখ্য যে, সহকাৰী আয়ুক্ত চিমি কৰণে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ নডেল বিষয়া হিচাপে এই সমগ্ৰ চফ্টৱেৰটোৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰিব ৷
এই ই-নিৰীক্ষণ ব্যৱস্থাৰ যোগেদি প্ৰশাসনিক প্ৰক্ৰিয়াত স্বচ্ছতা অনাৰ লগতে কৰ্ম-দক্ষতা বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আন বিভাগ সমূহলৈ লিখিত পত্ৰ প্ৰেৰণৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি সেই প্ৰক্ৰিয়া সহজ আৰু চমু কৰিব বুলি উপয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে, এই ই-নিৰীক্ষণ চফ্টৱেৰত ডিজিটেল ড্যাশবোর্ডৰো সুবিধা আছে য’ত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা নডেল বিষয়া সকলক প্ৰদান কৰা লগ-ইন আই ডি আৰু পাচৱাৰ্ড যোগে লগ-ইন কৰিব পাৰিব ৷ পৰবৰ্ৰতী পৰ্য়ায়ত আন বিভিন্ন সুবিধা এই চফ্টৱেৰত অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

Comments