top of page

শাওন মাহৰ অন্তিম দিনত ছিপাঝাৰত পবন কুমাৰ কলিতাৰ বন্দে শিবম শঙ্কৰম উন্মোচন

ছিপাঝাৰ :

শিৱ ভক্ত সকলৰ বাবে বিশেষ ভাবে পৱিত্ৰ মাহ হিচাপে বিবেচিত শাওণ মাহৰ অন্তিম দিনটোত অৰ্থাৎ যোৱা 17 আগষ্টত ছিপাঝাৰ মিলন সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ বিষয় শিক্ষক, সাহিত্য সেৱী পৱন কুমাৰ কলিতাৰ বন্দে শিৱম শঙ্কৰম নামৰ শিৱ ধ্যান বিষয়ক গ্ৰন্থ এখন উন্মোচন কৰে ৰাজ্যিক বটাঁ প্ৰাপ্ত অৱসৰী শিক্ষক তথা হাজৰিকাপাৰা সাহিত্য সভাৰ সভাপতি শিৱপ্ৰসাদ শৰ্মাই। উন্মোচনী ভাষণত তেওঁ লেখক পৱন কুমাৰ কলিতাৰ দ্বাৰা প্ৰনিত গ্ৰন্থ খনৰ আলোচনা কৰাৰ লগতে শিৱতত্বৰো চমু আলোচনা কৰে।

উন্মোচনী অনুষ্ঠানত ইউনিক কম্পিউটাৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মোস্তাফিজুৰ ৰহমান, সাংবাদিক গগণ কুমাৰ নাথ, হেমচন্দন, ছিপাঝাৰ প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সম্পাদক হিমাংশু ৰঞ্জন নাথ আৰু যুৱ সমাজকৰ্মী বিপ্লৱ কুমাৰ চহৰীয়াই শিৱ ধ্যানত সহায়ক হোৱাকৈ গ্ৰন্থ প্ৰণয়ন কৰা বাবে পৱন কুমাৰ কলিতাৰ শলাগ লয়। উল্লেখ্য যে ছিপাঝাৰ প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি , নতুন দিল্লীৰ ভাৰতীয় দলিত সাহিত্য একাডেমিৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেলোশ্বিপ বঁটা আৰু অসম-বঙ্গ মৈত্রী সন্মিলনৰ পৰা অসম-বঙ্গ সম্প্ৰীতি সন্মান প্ৰাপক পৱন কুমাৰ কলিতাই ইতিমধ্যে সাধুকথা, কবিতা, জীৱনীৰ ওপৰিও বিশ্ব বিখ্যাত জগন্নাথ মন্দিৰ তথা কলকাতাৰ প্ৰখ্যাত কালীঘাটৰ কালী মন্দিৰৰ বিষয়ে মূল্যৱান তথ্য সমৃদ্ধ গ্ৰন্থ, সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ উদ্ধৃতি, কিতাপ বিষয়ক উদ্ধৃতি আৰু শিক্ষক বিষয়ক উদ্ধৃতিৰ গ্ৰন্থ প্ৰকাশ কৰিছে।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page