যশস্বী শিল্পী, অভিনেতা নিপন গোস্বামীৰ বিয়োগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শোক প্ৰকাশ
- Akshay Sharma
- Oct 27, 2022
- 1 min read
গুৱাহাটী, ২৭ অক্টোবৰঃ
অসমৰ এগৰাকী যশস্বী শিল্পী, অভিনেতা নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আইন আৰু ন্যায়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে ৷
এক শোক বাৰ্তাত মন্ত্ৰী দাসে কয় যে জীৱনকালত অতি নিষ্ঠা, ঐকান্তিকতা আৰু দায়বদ্ধতাৰে যশস্বী শিল্পী-অভিনেতা নিপন গোস্বামী ডাঙৰীয়াই কলা-সংস্কৃতিৰ ক্ষেত্ৰ তথা আমাৰ জাতীয় জীৱনলৈ যি অনবদ্য অৱদান আগবঢ়াই গ'ল সেয়া সদায়ে স্মৰণীয় হৈ থাকিব ৷ অতুলনীয় অভিনয় প্ৰতিভাৰ অধিকাৰী এই গৰাকী বৰেণ্য শিল্পীয়ে যথেষ্ট সংখ্যক চলচিত্ৰ, নাটকত কৰা অভিনয়ৰ মাজেৰে জনসাধাৰণক চিৰদিনৰ বাবে মোহিত কৰি গ'ল ৷ তেখেত আছিল আমাৰ সাংস্কৃতিক জগত তথা সমাজ জীৱনৰ এক উজ্জ্বল নক্ষত্ৰ ৷ বৰেণ্য শিল্পী-অভিনেতা গৰাকীৰ বিয়োগ আমাৰ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷
মন্ত্ৰী দাসে যশস্বী শিল্পী-অভিনেতা গৰাকীৰ বিদেহ আত্মাৰ সদগতি অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

Comments