যন্ত্ৰ চালিত শালত বোৱা মেখেলা চাদৰ জব্দ
- Akshay Sharma
- Jun 21, 2022
- 1 min read
গুৱাহাটী, ২১ জুন:
গুৱাহাটী পাণবজাৰ থানত দাখিল হোৱা এফ. আয়. আৰ. মৰ্মে আজি থানা কৰ্তিপক্ষই অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া সকলৰ সহযোগত পাণবজাৰ আৰু ফাঁচী বজাৰ এলেকাত ৮ খন দোকানত অভিযান চলায় l থানা খনৰ পৰিদৰ্শক শ্ৰী প্ৰনব ডেকাৰ নেতৃত্বত চলা অভিযানত কুমাৰ চিল্ক, আন্তিৰ দোকান, হীৰা কালেকচন, কিৰণ চিল্ক আদি দোকান সমূহ পৰিদৰ্শন কৰি সন্দেহজনক যন্ত্ৰ চালিত তাত শালত বোৱা মেখেলা চাদৰ থানাৰ বিষয়াই জব্দ কৰে l জব্দ হোৱা কাপোৰ সমূহ হস্তঁতাত সংৰক্ষণ আইন, ১৯৮৫ মৰ্মে পৰবৰ্ত্তী পদক্ষেপ গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে l অভিযানত সহযোগ কৰা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া সকল আছিল উপ সঞ্চালক জয়ন্ত দেৱ শৰ্মা, মুখ্য বস্ত্ৰশিল্প বিষয়া ৰীতা দেবী, কামৰূপ জিলাৰ সহকাৰী সঞ্চালক নিশি কান্ত শৰ্মা, পৰিদৰ্শক চন্দন বৰা, প্ৰতুল দাস, মৃগান্ক শইকীয়া, মস্মিনা বেগম আৰু পাৰুল বেজ ভৰালী l





Comments