top of page

মঙলদৈ প্ৰেছ ক্লাৱৰ উদ্যোগত 'মঙলদৈ গ্রন্থমেলা-২০২২'

ভাৰতৰ সংবিধানৰ ৰাজহুৱা প্ৰদৰ্শনৰ সিদ্ধান্ত

গ্ৰন্থপ্ৰেমীৰ মাজত আগতীয়া উছাহ-উদ্দীপনা


১৭ ছেপ্টেম্বৰ:

মঙলদৈ প্ৰেছ ক্লাৱৰ উদ্যোগত সদৌ অসম পুথি প্রকাশন আৰু বিক্রেতা সন্থাৰ লগতে মঙলদৈবাসী ৰাইজৰ সহযোগত ১০ অক্টোবৰ তাৰিখৰ পৰা ১৬ অক্টোবৰ তাৰিখলৈ সাতদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে মঙলদৈ গ্ৰন্থমেলা স্থানীয় মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।মঙলদৈ প্ৰেছ ক্লাৱৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও মঙলদৈ  সদৌ অসম পুথি প্ৰকাশন আৰু বিক্রেতা সন্থাৰ লগতে মঙলদৈবাসী ৰাইজৰ সহযোগত  ১০, ১১, ১২, ১৪, ১৫ আৰু ১৬ অক্টোবৰ, ২০২২ তাৰিখে “মঙলদৈ গ্রন্থমেলা- ২০২২” অনুষ্ঠিত হ'ব |

গ্রন্থমেলাৰ সফল আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ  ইতিমধ্যে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াক সভাপতি হিচাপে লৈ গঠন হোৱা আয়োজক সমিতিৰ এখন পূর্ণাঙ্গ সাধাৰণ সভা আজি( বৃহস্পতিবাৰে )মঙলদৈ ইউথ ক্লাৱত বিয়লি ০৩:৩০ অনুষ্ঠিত হয়। গ্রন্থমেলা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰনাথ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত  উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱ, উপদেষ্টা ড০ বুধিন হাজৰিকা , মঙলদৈ পৌৰ সভাৰ সভাপতি নিৰ্মালি দেৱী, অৱসৰী কৃতী শিক্ষক বিপিন চন্দ্ৰ বৰুৱা, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক শশাঙ্ক হাজৰিকা,ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱা প্ৰমুখ্যে বিশিষ্ট লোক সকলে ভাষণ দি গ্ৰন্থমেলাখন সফল কৰি তুলিবলৈ বিভিন্ন দিশ সামৰি ভালেমান পৰামৰ্শ আগবঢ়ায়। উদযাপন সমিতৰ সমন্বয়ক, সাংবাদিক মুকুটৰাজ শৰ্মাই সাত দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য গ্ৰন্থমেলাৰ বিস্তৃত কাৰ্যসূচীৰ খছৰা উত্থাপন কৰে আৰু বিভিন্ন আলোচনা আৰু পৰামৰ্শৰ ভিত্তিত এই কাৰ্যসূচী গৃহীত হয়।সেইমতে ১০ অক্টোবৰত গ্ৰন্থমেলাখন উদ্বোধন কৰিব শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে। গ্ৰন্থ মেলাৰ বিভিন্ন কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ প্ৰখ্যাত অসমীয়া সাহিত্যিক য়েচে দৰ্জে ঠংছী, দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকা ,বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদ প্রমুখ্যে ভালেমান গণ্যমান্য ব্যক্তি আৰু শিল্পী সাহিত্যিক আৰু মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰা কথা।

     সভাত ভাষণ দি সাংসদ তথা উদযাপন সমিতিৰ সভাপতি দিলীপ শইকীয়াই মঙলদৈ গ্ৰন্থমেলাখন এইবাৰ বিশেষ আকৰ্ষণীয় আৰু ব্যতিক্ৰমী ৰূপত সফল কৰি তুলিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰা হ'ব বুলি এইক্ষেত্ৰত সদৌটিৰে দিহা পৰামৰ্শ আৰু সহযোগিতা বিচাৰে।এই গ্রন্থমেলাৰ পাৰম্ভিক কাম কাজ কৰিবলৈ সাংসদ দিলীপ শইকীয়াই এক লাখ টকা, আৰু সমাজকৰ্মী দুলাল হীৰাই দহ হাজাৰ টকা আগবঢ়াই | গ্ৰন্থমেলাৰ বিশেষ আকৰ্ষণ হিচাপে ভাৰতৰ সংবিধানখন সকলোৱে  চুই চাব পৰাকৈ ৰাজহুৱা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব বুলিও সাংসদ গৰাকীয়ে  তেওঁ ভাষণ প্রসংগত সদৰি  কৰে। মঙলদৈ গ্ৰন্থমেলা ২০২১ এ পঢ়ুৱৈ সমাজ আৰু জনসাধাৰণৰ বিশেষ সমাদৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত উৎসাহিত হৈ উদযাপন সমিতিয়ে এইবাৰৰ মঙলদৈ গ্ৰন্থমেলা ২০২২ বৰ্দ্ধিত ৰূপত বিস্তৃত কাৰ্যসূচীৰে পূৰ্বৰ জিলা পুথিভঁৰাল চৌহদৰ পৰিবৰ্তে মঙলদৈ গান্ধী ময়দানত আয়োজন কৰিছে।বিগত বছৰৰ গ্ৰন্থমেলাক এক বিশেষ উৎসৱ হিচাপে গ্ৰহণ কৰা গ্ৰন্থপ্ৰেমী আৰু জনসাধাৰণে ১০ অক্টোবৰৰ পৰা  বি্স্তৃত কলেবৰত অনুষ্ঠিতব্য মঙলদৈ গ্ৰন্থমেলা ২০২২ ৰ বাবে আগতীয়া উছাহ উদ্দীপনাৰে অপেক্ষা কৰা পৰিলক্ষিত হৈছে আৰু তাৰবাবে সকলো ক্ষেত্ৰৰ লোকে আহি সহায় সহযোগিতা কৰা দেখা গৈছে।গ্রন্থমেলা সাফল্যমণ্ডিত কৰি তুলিবলৈ

  সকলোৰে উপস্থিতিৰ লগতে দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে গ্ৰন্থমেলা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, সমন্বয়ক মুকুট ৰাজ শৰ্মা, সম্পাদক ৰাজীৱ কুমাৰ ডেকা আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক লক্ষীনন্দন কলিতাৰ লগতে আয়োজক সমিতিৰ সমূহ বিষয়ববীয়াই।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page