মঙলদৈত হ'ব লগীয়া বিশ্ব সংস্কৃত সন্মিলনৰ বাবে মহামহিম ৰাষ্ট্ৰপতি মহাশয়াক আমন্ত্ৰণ
- Akshay Sharma
- Sep 18, 2023
- 1 min read
মঙলদৈত হ'ব লগীয়া বিশ্ব সংস্কৃত সন্মিলনৰ বাবে মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মো মহাশয়াক আমন্ত্ৰণ। আজি ৰাষ্ট্ৰপতি ভৱনত লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা বিশ্ব সংস্কৃত সন্মিলনৰ আন্তৰ্জাতিক সভাপতি ড: সদানন্দ দীক্ষিত আৰু লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ ৰাষ্ট্ৰীয় মহাসচিব তথা বিশ্ব সংস্কৃত সন্মিলনৰ আন্তৰ্জাতিক আহ্বায়ক শ্ৰীকুশল কলিতাৰ নেতৃত্বত যোৱা এটি সৰ্বভাৰতীয় দলে মহামহিম ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। আমন্ত্ৰণৰ সময়ত শ্ৰীকুশল কলিতাই অসম আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোছা আৰু দৰং তথা দৰঙৰ গৌৰৱ ঐতিহাসিক, মহিমামণ্ডিত খটৰা সত্ৰৰ এখন ফটো তেওঁক উপহাৰ দিয়ে।


Comments