top of page

মঙলদৈত যুৱ বিজ্ঞানী মৃদুস্মিতা শৰ্মাক সম্বৰ্ধনা

অসমীয়া মধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়িয়ে বিশ্বমুখী যাত্ৰা

মঙ্গলদৈ, ২৭ আগষ্ট:

অসমীয়া মাধ্যমৰ ছাত্ৰী মৃদুস্মিতা শৰ্মাই ভাৱা এটোমিক ৰিৰ্ছাজ চেন্টাৰত যুৱ বিজ্ঞানী হিচাপে যোগদান কৰি দৰং তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিজৰ ওপৰত আত্মবিশ্বাস থাকিলে কোনো বাধাই বাধা হব নোৱাৰে। কিন্তু সকলোৰে এটা সপোন থাকিব লাগে, এইদৰে কয় মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কমলাকান্ত বৰাই। মঙ্গলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাৱ সভাগৃহত অনুষ্ঠিত ভাৱা এটোমিক ৰিচাৰ্জ চেন্টাৰত যুৱ বিজ্ঞানী হিচাপে যোগদান কৰা মৃদুস্মিতা শৰ্মাক জনোৱা ৰাজহুৱা সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি ডঃ বৰাই কয় যে অসমীয়া মাধ্যমৰ মঙ্গলদৈ মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞানত অনাৰ্চ লৈ শিক্ষা লাভ কৰা মৃদুস্মিতা শৰ্মাৰ এই সফলতাই বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত মঙ্গলদৈখনক এখোজ আগবঢ়াই নিব। তেওঁ কয় প্ৰতিযোগিতা সদায় নিজৰ লগত কৰিব লাগে আনৰ লগত নহয়। নিজৰ লগত কৰিলে মানসিক বিকাশ হয় আৰু আনৰ লগত কৰিলে মানসিক অনুসুচনা, প্ৰেচাৰ অন্যান্য বেমাৰ আজাৰে দেখা দিব পাৰে। যিটো সময়ত অসমৰ ছাত্র ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত অৱৰ্তীণ হবলৈ ভয় কৰে সেই সময়ত মৃদুস্মিতাৰ এই সফলতা নতুন প্ৰজন্মৰ আৰ্দশ হৈ ৰব। মঙলদৈ প্ৰেছ ক্লাৱৰ সম্পাদক লক্ষীনন্দন কলিতা আৰু উপ-সভাপতি মুকুট ৰাজ শৰ্মাই

আঁতধৰা আৰু প্ৰেছ ক্লাৱৰ সভাপতি মদন চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত  অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দৰং জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰি মৃদুস্মিতাৰ এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সভাত অংশগ্ৰহণ কৰি দৰঙৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াই কয় যে এনে ধৰণৰ সফলতাই আমাৰ সমাজখনত আনন্দিত কৰে। গাম্ভীৰ্যপূৰ্ণ সভাখনত যুৱ বিজ্ঞানী মৃদুস্মিতা শৰ্মাই বক্তব্য আগবঢ়ায়। তেওঁ বামুণপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা মঙ্গলদৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙ্গলদৈ মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত অধ্যয়নৰ কথা বৰ্ণনা কৰে। তেওঁ কয় কভিড কালৰ সময়ত অনলাইন ক্লাছ কৰিব লগা হোৱাত ইন্টাৰনেট চাই থাকোতে এই সৰ্বভাৰতীয় পৰীক্ষাৰ বিষয়ে জানিব পাৰে। এইবোৰ পৰীক্ষাৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলে জানিব লাগে কিয়নো এনে পৰীক্ষাত সাধাৰণতে আইআইটিৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে যদিও মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পাৰে। মাথো লাগিব মনৰ দৃঢ়তা আৰু সাহস। আজিৰ সভাত সু চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, ডঃ চহীৰ ভূঞা, আছুৰ বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী, মঙ্গলদৈৰ পৌৰপতি নিৰ্মালী দেৱী, বিজেপিৰ জিলা সভাপতি অমৰেন্দ্ৰ শৰ্মা, অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱা, সাধাৰণ সম্পাদক স্বৰাজ ডেকা, অসম মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী, বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উপসভানেত্ৰী প্ৰেমদা ভূঞা, বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেৱী, এচি মৰ্চাৰ সভানেত্ৰী গীতিমা দাস, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক শশাংক হাজৰিকা, সমাজসেৱক আনোৱাৰ হুচেইন, চিত্ৰলেখা মজুমদাৰ, অৱসৰী কৃতি শিক্ষক বিপিন চন্দ্ৰ বৰুৱা আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page