top of page

মঙলদৈত  দৰঙী  নাগাৰা নামৰ  কৰ্মশালা  শুভাৰম্ভ  উপায়ুক্তৰ 

মঙলদৈ , ২৬  মে :

দৰঙী  লোক কলা কৃষ্টিৰ  অন্যতম  সম্পদ   দৰঙী  নাগাৰা  নামৰ  তিনিদিনীয়া  কৰ্মশালা  আজি  শুভাৰম্ভ কৰে দৰং জিলাৰ উপায়ুক্ত  প্ৰনৱ কুমাৰ শৰ্মাই  ।  মঙলদৈ  ইউথ  ক্লাৱৰ  গৌৰৱোজ্জ্বল  সোণালী জয়ন্তীৰ  লগত সংগতি ৰাখি  ইউথ ক্লাৱৰ সভাক্ষত  অনুষ্ঠিত  কৰ্মশালা উদ্বোধন কৰি উপায়ুক্ত গৰাকীয়ে  দৰঙী  কৃষ্টি - সংস্কৃতি  আন জিলাতকৈ সম্পূৰ্ণ পৃথক  আৰু  এই সমূহ সম্পদ ক  দৰঙীয়াই গৌৰৱ  প্ৰকাশ কৰে  ।  দৰঙীয়াৰ গৌৰৱৰ সম্পদ এই  লোক কৃষ্টিসমূহ  শুদ্ধ ৰূপত  ধৰি ৰাখিবলৈ  দৰঙী  কলাকৃষ্টি উন্নয়ন সংঘ‌ই যি  সাংস্কৃতিক  সমন্বয় যাত্ৰা আৰম্ভ কৰিছে  সেয়া  লোকশিল্পী সকলৰ বাবে ইতিবাচক দিশ বুলি  মন্তব্য কৰে  উপায়ুক্ত প্ৰনৱ কুমাৰ  শৰ্মাই  ।   শিল্পী প্ৰাঞ্জল শৰ্মাই  আতধৰা আৰু কুলেন্দ্ৰ নাথ ডেকা , গোবিন্দ উপাধ্যায় , ড০ বুধিন হাজৰিকা ,  গৱেষক  তৰুন আজাদ ডেকা ,  নাগাৰা নামৰ শিল্পী  বলো বৈশ্য ,  দুলু ৰাম বড়ো , নিপন দত্ত কলিতা , ভু্ৱনেশ্ব কলিতা ,  যোগেশ্বৰ নাথ ,  অৱসৰী  অধ্যক্ষ নীলকান্ত চহৰীয়া , ভৱেন বৰ্মন  আদি উপস্থিত থকা উদ্বোধনী অনুষ্ঠানটি  দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সম্পদক নৱ কুমাৰ শ‌ইকীয়াই  সংঘৰ  বাৰ্ষিক কৰ্মসূচীৰ  ওপৰত  বক্তব্য ৰাখে  ।  


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page