মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ " প্ৰেৰণাশ্ৰী " সন্মান - দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ
- Akshay Sharma
- Aug 23, 2022
- 1 min read
গুৱাহাটী, ২৩ আগষ্ট:
অসমৰ জনপ্ৰিয় আৰু গতিশীল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই সন্মানজনক ভাৱে আগবঢ়াইছে " প্ৰেৰণাশ্ৰী " উপাধি । দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ ছিপাঝাৰস্থিত কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীলৈ আগবঢ়োৱা দৰঙীয়াৰ সন্মান আনুষ্ঠানিকভাৱে ঘোষনা কৰে সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই । সংস্কৃতিপ্ৰীতি মনোভাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পিছপৰা জিলাখনৰ গৰুখুটী বহুমূখী কৃষি প্ৰকল্প একক প্ৰচেষ্টাৰে ৰূপায়ন কৰি বৃহত্তৰ অঞ্চল তথা সমগ্ৰ জিলাখনক বিশ্বৰ মানচিত্ৰত পৰিচয় কৰাই দি কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অবিভক্ত জিলাবাসীৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ পৰা বাবেই দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই মুখ্যমন্ত্ৰীলৈ আগবঢ়াই " প্ৰেৰণাশ্ৰী " সন্মান । মুখ্যমন্ত্ৰীৰ সৈতে লোক সংস্কৃতি গৱেষক . বিশিষ্ট পণ্ডিত ড০ নবীন চন্দ্ৰ শৰ্মালৈয়ো দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই আগবঢ়াই " দৰং গৌৰৱ " সন্মান । যোৱা ২০ আগষ্টত অনুষ্ঠিত সংঘৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাই উৎফুল্লিত হৈ গ্ৰহন কৰা দৰঙীয়াৰ এই সন্মান ৩০ অক্টোবৰত দৰঙী লোককৃষ্টি প্ৰদৰ্শনৰ মাজেৰে মুখ্যমন্ত্ৰীক ৰাজহুৱাভাৱে প্ৰদান কৰিব বুলি সংবাদ মেলত প্ৰকাশ কৰে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই ।
সংবাদ মেলত সভাপতি কুলেন্দ্ৰ নাথ ডেকা . সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াৰ লগতে উপদেষ্টা ক্ৰমে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অৱসৰী অধ্যক্ষ ৰজনীকান্ত নাথ . সাহিত্যিক পেঞ্চনাৰ পৃথুৰাম বৰুৱা . শিল্পী পেঞ্চনাৰ গুৰু ৰাজেন্দ্ৰ নাথ ওজা . লোকশিল্পী গুৰু ৰত্নকান্ত ডেকা উপস্থিত থাকে ।\

Comments