top of page

বৰপেটাত চৰাইৰ মৃত্যু সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত

দিশপুৰ, ২১ জুলাই:

বৰপেটাৰ বহৰি শিলাগাঁৱত সোমবাৰে জাক জাক চৰাই শস্যত ছটিয়াই দিয়া বিষ সেৱন কৰি মৃত্যু হোৱাৰ সন্দেহত ঘটনাৱলী অনুসন্ধানৰ কাৰণে এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।

পৰিৱেশ আৰু বনমন্ত্ৰী, পৰিমল শুক্লবৈদ্যই মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ক এই ঘটনাৰ তদন্ত কৰি তাৎক্ষণিক ভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়েও এই ঘটনা সন্দৰ্ভত নজৰ ৰাখিছে আৰু পৰিৱেশ আৰু বনমন্ত্ৰীক এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পদক্ষেপ লবলৈ নিৰ্দেশ দিছে।

এইসময়তে, বৰপেটা ৰোড ৰেঞ্জাৰৰ দ্বাৰা এক গোচৰ ৰুজু কৰা হৈছে আৰু এজন ব্যক্তি মান্নান আলি এই সন্দিগ্ধত গ্ৰেপ্তাৰ কৰা হৈছে। লগতে মৃত্যুমুখত পৰা চৰাইসমূহক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃত্যুমুখত পৰা চৰাইৰ অন্যতম ঘনচিৰিকা, কপৌ আদিৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰূপণ কৰিবলৈ এতিয়া মৰণোত্তৰ প্ৰতিবেদনৰ অপেক্ষা আছে।

এই ঘটনাত জড়িত থকা অন্য দুষ্কৃতিকাৰীক ধৰিবলৈ অনুসন্ধান অব্যাহত আছে।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page