ব্ৰজাৱলী ভাষাৰ বিষয়ে কৰ্মশালা ।
- Akshay Sharma
- Oct 21, 2022
- 1 min read
গুৱাহাটী,২১ অক্টোবৰ:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কর্মৰত ‘ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ আৰু ‘পৰম্পৰা প্ৰৱাহ’ৰ যৌথ উদ্যোগত গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অহা ২০ আৰু ২১ নৱেম্বৰত শংকৰী সংস্কৃতিত শুদ্ধৰূপত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ওপৰত এক কৰ্মশালাৰ আয়োজন কৰা হৈছে । উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় স্মৃতি সৌধ আৰু স্থান পৰিষদেও এই কৰ্মশালাত সহযোগিতা আগবঢ়াব। পূৰ্বে কৰ্মশালাখন জুলাই মাহত অনুষ্ঠিত কৰা কথা আছিল । কৰ্মশালাত ভাষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত কুমাৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মুকুল চক্ৰৱৰ্তী আৰু লেখক কনকলাল দাসে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব। এই কৰ্মশালাত ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতি , ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উপ সভাপতি তথা পৰম্পৰা প্ৰৱাহৰ পৰিচালক ড° মল্লিকা কন্দলিয়ে( ৯৪৩৫০১৩৫৭৭) সমন্বয়ক ৰূপে সেৱা আগবঢ়োৱাৰ লগতে এই কৰ্মশালাত সামগ্ৰিকভাবে পৰিচালনাৰ দায়িত্বত থাকিব ছ'চাইটিৰ সাধাৰণ সম্পাদক মৃদু মৌচম বৰা, বিষয়ববীয়াসকল ক্ৰমে ছ’চাইটিৰ সমন্বয়ক প্ৰদীপ হাজৰিকা , উপ সভাপতি ড° মধুচন্দা চলিহা ভূঞা ( ৯৪৩৫১৪৮০৯৮) সহকাৰী সম্পাদক অঞ্জনা তামুলী (৯৫৭৭৩৪৩৪২২) আৰু প্রচাৰ সম্পাদক ড° বুলজিৎ বুঢ়াগোহাঁই ( ৯৪৩৫১৮৮৬৩০)। উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰশিক্ষাৰ্থী সকলে ৫ নৱেম্বৰ ভিতৰত যোগাযোগ কৰিব পাৰে ।

Comentarios