বিলাসীপাৰাৰ মহকুমাধিপতিৰ জল জীৱন মিছনৰ অধীনত বিভিন্ন পাইপ পানী যোগান আঁচনিৰ কাৰ্য পৰিদৰ্শন
- Akshay Sharma
- Aug 6, 2021
- 1 min read
জাৰ্নেলিষ্ট বাৰ্তা,৬ আগষ্টঃ
আজি বিলাসীপাৰাৰ মহকুমাধিপতি শ্ৰী জয় শিৱাণী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জয়নাল আবেদিন, শাখা বিষয়া, কাজল ব্ৰহ্ম, ঠিকাদাৰৰ লগত জল জীৱন মিছনৰ অধীনত বিভিন্ন পাইপ পানী যোগান আঁচনিৰ কাৰ্য চলি থকা স্থান সমূহত উপস্থিত হয় আৰু পৰিদৰ্শন কৰে। ভেলুপাৰা,ভোলাপাৰা,গেৰাভিঠা,দূধনাথ,চিৰাকুটা পাইপ পানী যোগান আঁচনি সমূহ মহকুমাধিপতি ডাঙৰীয়াই বিস্তৃত ভাবে নিৰীক্ষণ কৰে আৰু অভিযন্তা, বিষয়াসহ ঠিকাদাৰক আঁচনি সমূহৰ কামখিনি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে সহকাৰী কাৰ্য্যবাহী অভিযন্তাৰ মন্তৱ্য হিচাপে ভেলুপাৰা আঁচনিৰ কাম প্ৰায় সম্পন্ন হোৱাৰ অৱস্থাত আছে আৰু ভোলাপাৰা আঁচনিৰ কাম ৬০ শতাংশ সম্পন্ন হৈছে। বৰ্তমান জল জীৱন মিছনৰ আঁচনিৰ দ্বাৰা বহুতো হিতাধিকাৰীয়ে পাইপ পানী যোগান গৃহ সংযোগ লাভ কৰিব।

Comments