পহিলা বহাগত ৫০ গৰাকী দৰঙী লোকশিল্পীক বস্ত্ৰ - অৰ্থ সাহাৰ্যৰে সম্বৰ্দ্ধনা
- Akshay Sharma
- Apr 16, 2022
- 2 min read
দৰঙী কলাকৃষ্টিৰে সংপৃক্ত ১০ গৰাকী ৰোগক্ৰান্ত লোকশিল্পীক এককালিন অৰ্থ সাহাৰ্য . ৫ গৰাকী অভাৱগ্ৰস্ত লোকশিল্পীক বস্ত্ৰ প্ৰদানেৰে মুঠ ৪৫ গৰাকী জ্যেষ্ঠ লোকশিল্পীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই । সংঘৰ ছিপাঝাৰস্থিত স্থায়ী ভৱনত লোকশিল্পীৰ আনন্দৰ দিন উদযাপনৰ জৰিয়তে চপাই গধিয়াপাৰা খুলীয়া ভাউৰীয়া দলৰ সুত্ৰধাৰী নৃত্য . শিল্পী পেঞ্চনাৰ ৰাজেন্দ্ৰ নাথ ওজা দলৰ শুকনান্নি সংগীত . ৰঙামাটিৰ কিংকৰ নাথৰ ব্যাস সংগীত . দক্ষিন চুবুৰি নৱজ্যোতি নাঙেলি দলৰ নাঙেলি গীত . দুৰ্লভ শৰ্মা . খিতেশ্বৰ ডেকা আৰু বিনীতা ভূঞা দলে পৰিৱেশন কৰা চিয়াগীতে লোকশিল্পী সকলৰ মনোবল বঢ়াই তোলে ।
দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই আতধৰা আৰু সভাপতি কুলেন্দ্ৰ নাথ ডেকাই সঞ্চালনা কৰা অুষ্ঠানটিত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ . কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মন . ছিপাঝাৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্ছন বৰুৱা . অৱসৰী অধ্যক্ষ অজিত চহৰীয়া . কমিৰাম নাথ . গহীন চহৰীয়া . ৰত্নকান্ত ডেকা . নীলকান্ত ডেকা . বলো বৈশ্য আদি উপস্থিত থকা অনুষ্ঠানটিত সম্বৰ্দ্ধনা গ্ৰহন কৰি লোক শিল্পী সকল আনন্দিত হৈ পৰে !লোকশিল্পীৰ এই আনন্দৰ দিনত ৰামহৰিৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকশিল্পী লোহিত মেধি , দেবানন্দৰ বাপুতি কলিতা , হাপামাৰাৰ উপেন বৰুৱা , কলাইগাও টেঙাবাৰীৰ হলিৰাম ডেকা , জনাৰামচৌকাৰ খটা ডেকা , চপাই গধিয়াপাৰাৰ পাহেশ্বৰী বৰুৱা , নাওপোটাৰ হুহিৰাম বৰুৱা , ধোকাপাৰাৰ ফনীধৰ ডেকা , ঔতলাৰ শুকুৰাম ডেকা , দক্ষিন বোক্ৰাঝাৰৰ টংকেশ্বৰ বড়ো আৰু বাহজানীৰ জীতেন নাথ আৰু চৰনধৰাৰ কুলেন চন্দ্ৰ নাথক এককালিন অৰ্থ সাহাৰ্য আৰু বস্ত্ৰ প্ৰদান কৰাৰ বিপৰীতে খৈৰাবাৰীৰ গনেশ ডেকা , বালিপাৰাৰ সাবিত্ৰী শইকীয়া , ৰামহৰি দেওনাগাৱৰ বাবুল বড়ো , জলজলিৰ কমিৰাম চহৰীয়া , দক্ষিন চুবুৰিৰ চন্দ্ৰকান্ত নাথ , শুকলেশ্বৰ নাথ , যোগেন শৰ্মা , আউলাচৌকাৰ মহেন্দ্ৰ চহৰীয়া , পকাদলিৰ হৰেন্দ্ৰ চন্দ্ৰ নাথ ওজা , কুৰুৱা কলিতাপাৰাৰ ধৰ্মকান্ত ডেকা , জনসেৱাৰ বলোৰাম ডেকা , ভুক্তাবাৰীৰ নন্দিৰাম বৰুৱা , মঙলদৈ প্ৰফুল্ল নগৰৰ গিৰিধৰ কলিতা , দুনীৰ শূনীল শইকীয়া , হুছেইন চুবুৰিৰ চম্পাৰাম কলিতা , চপাইৰ লোকনাথ ডেকা , মুছলিমঘোপাৰ বাহাৰুল ইছলাম , বৰকলীয়াঝাৰৰ হুছেইন আলি , তুবাপাৰাৰ ধৰনীধৰ নাথ , বালিপোটাৰ ভদ্ৰকান্ত নাথ , আমচকলিৰ কুশেশ্বৰী দে্ৱী , শিতলাবড়ীৰ জানকী হাজৰিকা , গধিয়াপাৰাৰ শশীপ্ৰভা বৰুৱা আৰু পশ্চিম চুবাৰ টংকেশ্বৰ নাথক দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।



Comments