top of page

"পথাৰত ভুই ৰোৱ নজনা নাছনী হব নোৱাৰে, যি হাল বায় পোৱা নাই সিও ঢুলীয়া নহয়"

দৰং জিলাৰ  ৭৫ খন বিহু সমিটিলৈ অসম চৰকাৰৰ আৰ্থিক অনুদান প্ৰদান

কিশোৰ কলিতা, মঙ্গলদৈ :

অসম আন্দোলনৰ পৰা বিহুক লৈ এটি সষ্টীয়া পৰম্পৰা আৰম্ভ হল। যেতিয়া তেতিয়াই বিহু পাতিবলৈ একাংশই আৰম্ভ কৰিলে। বিহুটি বাৰে মাহে পতা উৎসৱ নহয়। ই এটা কৃষি ভিত্তিক উৎসৱহে, উৰ্বৰতা আৰু প্ৰজজনৰ বাবে পতা এক উৎসৱ .. এইদৰে কয় ছিপাঝাৰ সমষ্টিৰ বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। আজি মঙলদৈ জিলা পুথিভঁৰালত আয়োজিত ৰঙালী বিহু সমিতি সমূহলৈ মুখ্যমন্ত্ৰীৰ ডেৰ লাখ টকাৰ অনুদান বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজবংশীয়ে আৰু কয় যে বহাগ মাহৰ আৰম্ভনিতে ভূমি দৰাত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগে ই শস্য উৎপাদনৰ বাবে উবৰতা লাভ কৰে। এগৰাকী নাৰীয়ে যেনেকৈ প্ৰজনন ক্ষমতা নহলে সন্তান জন্ম দিব নোৱাৰে। তেনেকৈ ভূমিৰ উৰ্বৰতা নহলে শস্য উৎপাদন নহব বুলি কৈ নাৰীয়ে হৈছে প্ৰকৃতি বুলি তেওঁ কয়। সমগ্র বিশ্বৰ লোক সংস্কৃতি সমূহৰ মূল তত্বই হৈছে সেয়াই বুলি তেওঁ কয়। অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁতধৰা অনুষ্ঠানটিত ৰাজবংশীয়ে ৰঙালী বিহু সম্পৰ্কত বক্তব্য আগবঢ়ায় আৰু কয় যে এতিয়া ৰঙালী বিহুলৈ কৃত্ৰিমতা নামি আহিছে। যি সকল নাৰীয়ে ভুই ৰুৱ নোৱাৰে তাঁত শাল বোব নোৱাৰে তেওঁলোক নাছনী নহয়। তেনেকৈ যি সকল বিহুৱাই পথাৰত হাল বায় পোৱা নাই, বা হাল বাব নোৱাৰে তেওঁলোক বিহুৱা বা ঢুলীয়া হব নোৱাৰে। সেয়া কৃত্ৰিমতা আৰু অসমীয়া সমাজৰ সভ্যতা আৰু সংস্কৃতি নহয় বুলি তাপয্যপূৰ্ণ মন্তব্য কৰে। শীত তাপ নিয়ন্ত্ৰিত কক্ষত থাকি কেৱল বিহুৰ কেইদিনত বিহুৱা সাজপাৰ পৰিধান কৰিলে তেওঁ কেনেকৈ ঢুলীয়া বা নাছনী হব। তেওঁ সাত বিহুৰ ভিতৰতে বিহু পাতিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহবানক ভুয়সী প্ৰসংশা কৰে। ৰাজবংশীয়ে আৰু কয় যে মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া মানুহখিনিক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ১০ বহাগৰ পিছত কোনো বিহু সমিতিয়ে আমন্ত্ৰণ জনালে তেওঁ তালৈ নাযায় আৰু কোনো ধৰণৰ সহযোগিতা নকৰে বুলি দৃঢ়তাৰে কয়। আজি  মঙলদৈত জিলা পুথিভঁৰালত জিলাখনৰ ৭৫ খন বিহু সমিতিক ১.৫ লাখ টকাকৈ প্ৰদান কৰা হয় । ইয়াৰে ভিতৰত ৫ খন বিহু সমিতিয়ে আজি আনুষ্ঠানিকভাৱে অনুদান লাভ কৰে । আজি আনুষ্ঠানিকভাৱে আৰ্থিক অনুদান লাভ কৰা বিহু সমিতিসমূহ হ'ল - পূব কটাহী মিলনজ্যোতি সংঘ, কেন্দুগুৰি শংকৰ স্মৃতি সংঘ, কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, ছিপাঝাৰ, সদৌ মঙলদৈ ৰঙালী বিহু উদযাপন সন্মিলনী আৰু দলগাওঁ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী। উক্ত সভাত অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যেতি দাসে তেওঁৰ ভাষণত বিহু তথা অসমীয়া সংস্কৃতি ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, কাৰ্যবাহী বিষয়া ৰমেন কুমাৰ মালাকাৰ, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ বৰা, বিজেপিৰ দৰং জিলা সমিতিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, মঙ্গলদৈ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, জিলা তথ্য জনসংযোগ বিষয়া স্বাক্ষৰ ডেকা উপস্থিত থাকে।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page