প্ৰণৱ ঠাকুৰীয়াৰ-'দুকুৰি কবিতা' উন্মোচন
- Akshay Sharma
- Sep 21, 2022
- 1 min read
গুৱাহাটী, ২১ ছেপ্টেম্বৰ:
ভাৰতীয় ষ্টেট বেংকৰ বিষয়া শ্ৰী প্ৰণৱ ঠাকুৰীয়া দেৱৰ প্ৰথম খন কাব্য পুথি - দুকুৰি কবিতা- যোৱা 21 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচিত হয় l এই উপলক্ষে হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী মহানগৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি শ্ৰী সবিতা দেৱীয়ে বেংকৰ এজন ব্যস্ত বিষয়া হৈও প্ৰণৱ ঠাকুৰীয়া দেৱে এখন সুন্দৰ কাব্য পুথি আমাক এনেদৰে উপহাৰ দিব পৰাটো প্রশংসনীয় কথা বুলি উল্লেখ কৰে l শ্ৰীমতী হেমলতা মজুমদাৰৰ বৰগীত পৰিবেশনেৰে আৰম্ভ হোৱা সভাত বিশিষ্ট চিন্তাবিদ ড. সৌমেন ভাৰতীয়া, বেংক ইউনিয়নৰ কাৰ্য্যকৰ্তা শ্ৰী প্ৰদীপ কুমাৰ বৈশ্য আৰু গ্ৰন্থ প্ৰকাশক পূৰ্বায়ন প্ৰকাশৰ স্বত্বাধিকাৰ শ্ৰী অমৃত উপাধ্যায় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চমু ভাষণ আগবঢ়ায় l
ভাষণত বক্তা সকলে কয় যে অল্পভাষী আৰু চিন্তাশিল ব্যক্তি শ্ৰী প্ৰণৱ ঠাকুৰীয়া অকল ভাৰতীয় ষ্টেট বেংকৰে বিষয়ায়ে নহয় বেংক ইউনিয়ন আৰু বেংক ফেডাৰেচনৰো এজন সাক্ৰিয়, নিষ্ঠাবান কৰ্মকৰ্তা l তেওঁৰ কবিতা সমূহৰ এক নিজস্ব বৈশিষ্ট আছে l পাঠক সমাজে পুথি খন পঢ়ি নিস্বয় ভাল পাব l অনুষ্ঠানত পুথি প্ৰণেতা শ্ৰী প্ৰণৱ ঠাকুৰীয়া দেৱেও গ্ৰন্থ খনত সান্নিবিষ্ট বিভিন্ন সময়ত লিখা তেওঁৰ 80 তা কবিতাৰ পটভূমি, লেখাৰ সময়, অনুভৱ আদিৰ কথা ব্যক্ত কৰে l শ্ৰী সঞ্জয় চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা সভা খনৰ শেষত শলাগৰ শৰাই আগবঢ়াই ঠাকুৰীয়া দেৱৰ বন্ধু ড. জয়ন্ত দেৱ শৰ্মাই l


Comentarios