নাপ্তাপাৰাৰ জনপ্ৰিয় বয়োজ্যেষ্ঠ মহিলা,বিবি দেৱীৰ পৰলোক
- Akshay Sharma
- Aug 30, 2023
- 1 min read
মৃদুস্মিতা শৰ্মা ,জাৰ্নেলিষ্ট বাৰ্তা ,৩০ আগষ্ট :
দৰং জিলাৰ দিপীলাৰ নিকটবৰ্ত্তী ঐতিহ্যপূৰ্ণ নাপ্তাপাৰা গাওঁ নিবাসী বিশিষ্ট সমাজকর্মী প্ৰয়াত চণ্ডী নাথ শৰ্মাৰ সুযোগ্যা পত্নী ধৰ্মপ্ৰাণা , সৰবৰহী মহিলা বিবি দেৱীৰ ২৭ আগষ্টৰ নিশা ১২ বজাত ৯১ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ এগৰাকী নিৰক্ষৰ নাৰী হৈও তীক্ষ্ণ মেধা শক্তিৰ অধিকাৰী হোৱাৰ বাবে ধর্মগ্রন্থসমূহৰ অনেক গীত-পদ তেওঁৰ মুখস্থ আছিল। বিয়ানাম ,আইনাম, দুৰ্গা গোঁসানীৰ নাম আদি পূজাগৃহত সুন্দৰকৈ পৰিবেশন কৰিব পাৰিছিল আৰু বৃহৎ অঞ্চলটোত সুকণ্ঠৰ অধিকাৰী নামতী হিচাপে সমাদৃত হ'বলৈ সক্ষম হৈছিল ৷ বৈদিক শাস্ত্ৰৰো গভীৰ জ্ঞান আহৰণ কৰা বিবি দেৱী বিভিন্ন ধর্মীয় অনুষ্ঠান আৰু সামাজিক অনুষ্ঠানৰ স'তেও জড়িত হৈ পৰিছিল। উদাৰ মাতৃগৰাকীয়ে বৈষম্য ভাবৰ ঊর্ধ্বত থাকি সমাজৰ দুৰ্গতসকলক সহায় কৰিছিল, ধর্মীয় তথা সামাজিক অনুষ্ঠানলৈ সামৰ্থ্য অনুসৰি মুক্তহতে দান-বৰঙণি দিছিল। সৰবৰহী মহিলাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰে। আৰু তেওঁৰ গৃহলৈ আহি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, গুণমুগ্ধসকলে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত বিবি দেৱীয়ে দুই পুত্ৰ-বোৱাৰী, চাৰি জী-জোঁৱাই, নাতি-নাতিনীক এৰি থৈ যায় ৷ অকালতে স্বামীক হেৰুৱাইছিল যদিও তেওঁ অশেষ মানসিক শক্তিৰ পৰিচয় দি আটাইকেইগৰাকী সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজত এখনি উচ্চ আসন দি এগৰাকী সফল মাতৃ হিচাপে খ্যাতি ৰাখি গৈছে ৷
এনে এগৰাকী ব্যক্তিক হেৰুৱাই দৰংবাসীৰ লগতে জাৰ্নেলিষ্ট বাৰ্তাৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলোঁ ৷

ওঁ
বিদেহী আত্মাৰ পৰম তুষ্টি কামনা কৰি ,পৰিয়াললৈ শুভ কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।