top of page

ধনৰ প্ৰতি নহয়, কামৰ প্ৰতি আকৰ্ষিত হৈ সকলোৱে কাম কৰক : নেওগ

বিত্ত মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাটত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা


ধনৰ প্ৰতি নহয়, কামৰ প্ৰতি আকৰ্ষিত হৈ সকলোৱে কাম কৰক : নেওগ


জল জীৱন অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালে পানী লাভ কৰাটো সুনিশ্চিত কৰাৰ নিৰ্দেশ


চৰকাৰী ধনৰ এটকাও অপচয় নকৰিব : বিত্ত মন্ত্ৰী

গোলাঘাট, ২৯ জুলাই:

অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক শ্ৰীযুতা অজন্তা নেওগে আজি গোলাঘাট জিলাৰ আৱৰ্ত্ত ভৱনৰ সভাকক্ষত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে । মন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ আধৰুৱা কাম-কাজ আৰু নতুন আঁচনিৰ কাম অধিক দ্ৰুত গতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । বিশেষকৈ জল জীৱন অভিযান আৰু জিলাখনৰ অন্য পানী যোগান প্ৰকল্পসমূহ সঠিকভাৱে ৰূপায়ন কৰাত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী চৰকাৰখনৰ অন্যতম ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালে পানী লাভ কৰাটো সুনিশ্চিত কৰিব পৰাকৈ মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাক কোনো পৰিয়াল বাদ নপৰাকৈ সঠিকভাৱে পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে ।

তেওঁ জলজীৱন আঁচনিৰ কাম-কাজ ক্ষিপ্ৰতৰ কৰাৰ বাবে বিশেষ গোট গঠন কৰিবলৈও জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে লগতে আঁচনিসমূহৰ কাম-কাজ আৰু অগ্ৰগতি সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলক তৃণমূল পৰ্যায়ত পৰ্যালোচনা কৰাৰ পৰামৰ্শ আগবঢ়ায় । তেওঁ কয় যে গোলাঘাট জিলাখনক আদৰ্শ জিলা হিচাপে গঢ়ি তুলিবলৈ হ'লে ধনৰ প্ৰতি নহয়, কামৰ প্ৰতি আকৰ্ষিত হৈ সকলোৱে কাম কৰিব লাগিব । গোলাঘাটৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু সতী সাধনী বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় মাটি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ।

চৰকাৰী ধনৰ এটকাও অপচয় নকৰিবলৈ আহ্বান জনাই তেওঁ প্ৰতিখন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ নিৰ্দেশ দিয়ে । আনহাতে গোলাঘাট নগৰৰ আৱৰ্জনা পেলোৱা স্থান, হাই মাষ্ট লাইট, নৰ্দমা ব্যৱস্থা আদিৰ বৰ্তমানৰ স্থিতিৰো মন্ত্ৰীগৰাকীয়ে বুজ লয় । নৰ্দমা ব্যৱস্থাৰ উন্নীতকৰণ আৰু গোলাঘাট নগৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম তেওঁ তৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে । ইফালে জিলাখনত ড্ৰাগছ, চুলাই মদ আৰু লালিগুড়ৰ প্ৰচলন বন্ধ কৰাৰ বাবে অধিক কঠোৰ হ'বলৈ মন্ত্ৰীগৰাকীয়ে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে । আজিৰ বৈঠকত গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ধীৰাজ দাস আৰু বহুকেইগৰাকী বিষয়া উপস্থিত আছিল । পাছত মন্ত্ৰীগৰাকীয়ে গোলাঘাট নগৰৰ বাট-পথ আৰু কেইবাটাও ৱাৰ্ড পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয় ।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page