top of page

ধুবুৰীত Black Man'ৰ আতংকক লৈ হুলুস্থুলীয়া পৰিবেশ

ধুবুৰী,২৭ জুলাই:

দৰাচলতে ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলৰ আৰক্ষী চেক পোষ্ট ৰ সন্মুখত ধুবুৰী আৰক্ষীৰ এটা দলে সদৰ থানাৰ ভাতপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতিম গগৈ ৰ নেতৃত্বত অভিযান চলাই এখন স্কুটি সহ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাফ জব্দ কৰে।আটক হোৱা যুৱক জন আমিৰ আলী বুলি জানিব পৰা গৈছে।ঘৰ ধুবুৰীৰ চার্জ ৰোডত।

এনে সময়তেই স্থানীয় ৰাইজে আৰক্ষীৰ অভিযান চলি থকা দেখি ঘৰৰ পৰা ব্লাক মেন আৰু ডকাইতৰ আতংকত লাঠী আৰু অস্ত্ৰ-শস্ত্ৰ লৈ ওলাই আহি আৰক্ষীক ঘেৰি ধৰাৰ চেষ্টা চলায়।

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰাত ওলোটা আৰক্ষীক প্ৰহাৰ কৰে লগতে আৰক্ষীৰ গাড়ীতো আক্ৰমণ কৰে।এনে পৰিস্থিতিত আৰক্ষীয়ে লাঠী চলাবলৈ বাধ্য হয়।অৱশেষত আক্রমণ কাৰীৰ দলে ঘটনা স্থলী এৰি পলায়ন কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে এতিয়া নামনি অসমৰ অইন অইন জিলাৰ লগতে ধুবুৰী জিলাতে ডকাইত আৰু ব্লাক মেনৰ আতংকয় ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।



Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page