top of page

দৰঙৰ প্ৰকৃতি বন্ধু গৌৰী শংকৰ কলিতাৰ সমগ্ৰ অসমজুৰি পদযাত্ৰা আৰম্ভ

অসমখন সেউজীকৰণ আৰু আৰ্তজনক ৰক্ত দানৰ সজাগতাৰ বাৰ্তা লৈ মঙলদৈ প্ৰেছ ক্লাবৰ পৰা আজি এই পদযাত্ৰা আৰম্ভ কৰে ৷দৰং জিলাৰ দুনী ভেৰুৱা নিবাসী গৌৰী শংকৰ কলিতা ই আজি দৰং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, মঙলদৈ প্ৰেছ ক্লাৱ, দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত একোটিকৈ গছপুলি ৰোপণ কৰি সমগ্ৰ অসমজুৰি পদযাত্ৰা আৰম্ভ কৰে। দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ত প্ৰকৃতি বন্ধু গৌৰী শংকৰ কলিতা ই পদযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰাৰ আগে আগে অনুষ্টিত কৰা অনুষ্ঠান উপস্থিত থাকে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (বৰ্ডাৰ) ক্ষীৰ কান্ত বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, ৰক্ত দাতা শেখৰ মজুমদাৰ,প্ৰকৃতি বন্ধু ৰ সভাপতি আদ্ৰ্য প্ৰচাদ শৰ্মা, গৌৰী শংকৰ কলিতা ৰ পিতৃ মাতৃ,ৰেনেচাঁ ক্লাৱ বাঘৰবাৰীৰ এক এক লাখ গছপুলি ৰোপণ গোট ৰ লগতে আৰক্ষী বিষয়া সকল ৷ ইয়াৰ পিছতে মঙলদৈ প্ৰেছ ক্লাৱত উপস্থিত হোৱা গৌৰী শংকৰ কলিতাক পদযাত্ৰা ৰ আৰম্ভণি কৰা প্ৰাক মূহুৰ্তত মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱা, উপ-সভাপতি মুকুট ৰাজ শৰ্মা, কাৰ্য্যালয় সম্পাদক উজ্বলজ্যোতি ডেকাই ,গামোচা, গছ পুলি আৰু গ্ৰন্থৰ টোপোলাৰে শুভেচ্ছা তথা আদৰণী জনায় ৷ এই পদযাত্ৰা উপলক্ষে মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত আদৰণি অনুষ্ঠানত

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা, আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক চাহিল চৌধুৰী, ৰক্ত দাতা শেখৰ মজুমদাৰ,ৰেনেচাঁ ক্লাৱ বাঘৰবাৰীৰ কাৰ্যকৰী সভাপতি দ্বীপজ্যোতি শৰ্মা,জ্ঞান বিকাশ একাডেমিৰ অধক্ষ্য কুশল কলিতাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গৌৰী শংকৰ কলিতাক শুভেচ্ছা জ্ঞাপন কৰে ৷ প্ৰায় দুমহীয়া এই পদযাত্ৰাত গৌৰি শংকৰ কলিতাই অসমৰ ৩৪ খন জিলা পৰিভ্ৰমণ কৰিব বুলি জনাইছে ৷

কিশোৰ কলিতা ,মঙলদৈ


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page