top of page

দৰং জিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰহণকাৰী মহিলাক চেক বিতৰণ

দ্বিতীয় পৰ্যায়ত ৩৭২৪ হিতাধিকাৰী উপকৃত

মঙলদৈ, ২৮ অক্টোবৰ :

আজি মঙলদৈ চহৰস্থিত গান্ধী ময়দান প্ৰাংগনত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অসম চৰকাৰৰ "অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আচনি, ২০২১" ৰ অধীনত দ্বিতীয় পৰ্যায়ৰ সাহাৰ্য বিতৰণ কৰা হয় ।

দৰং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি আঁচনিখনৰ বিষয়ে জানিবলৈ দিয়ে ।

উপস্থিত হিতাধিকাৰীসকলক উদ্দেশ্যি দিয়া ভাষণত জিলাখনৰ অভিভাৱক মন্ত্ৰী পাটোৱাৰীয়ে অসম চৰকাৰৰ এই কল্যাণ মূলক আঁচনি অসমৰ ইতিহাসত নজিৰবিহীন বুলি উল্লেখ কৰি কয় যে বৰ্তমানৰ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে ৰাজ্যখনৰ আৰ্থিক ভাৱে পিছপৰা শ্ৰেণীক সদায় অগ্ৰাধিকাৰ দি গৈ থাকিব । মন্ত্ৰী গৰাকীয়ে লগতে উপস্থিত হিতাধিকাৰী মহিলাসকলক সম্বোধন কৰি তেওঁলোকক এতিয়াৰ পৰা ঋণ গ্ৰহণ কৰিলে যাতে ঋণ সমূহৰ সদ ব্যৱহাৰ হয় তাৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ কয় । ঋণ লোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ লগতে পৰিশোধ কৰিবলৈ সক্ষম হোৱা ঋণহে লব লাগে বুলি কয় ।

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই তেখেতৰ ভাষণত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমাজৰ দুখীয়া শ্ৰেণীৰ লোক সকলৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উল্লেখ কৰে । এনে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা অসমেই প্ৰথম ৰাজ্য বুলি কয় । মুখ্যমন্ত্ৰীৰ এনে প্ৰচেষ্টাৰ আন্তৰিকতাৰে শলাগ লয় ।

উল্লেখযোগ্য যে দ্বিতীয় শ্রেণীৰ হিতাধিকাৰীসকল হ'ল যিসকল ব্যক্তিয়ে ঋণ পৰিশোধ কৰাত ১ৰ পৰা ৮৯ দিনৰ বিলম্ব কৰিছে, অৰ্থাত যিবোৰ একাউণ্টৰ সময়সীমা উকলি গৈছে কিন্তু NPA হোৱা নাই তেনে প্ৰকাৰৰ ঋণদাতাসকলক চৰকাৰে পোনপটীয়াকৈ অনাদায় ধন প্রদান কৰিব। হিতাধিকাৰীসকলক সময়মতে কিস্তিত ধন পৰিশোধ কৰিবলৈও উৎসাহিত কৰা হ'ব, যাতে তেওঁলোকৰ একাউণ্টসমূহৰ সূচল হৈ থাকে আৰু ক্ৰেডিট সংস্কৃতি শক্তিশালী হয়। ঋণ অনুশাসনক উৎসাহ দিবলৈ চৰকাৰে ২০,০০০/- টকাৰ

এককালীন উদগনিমূলক সাহায্য বা পৰিশোধ কৰিবলৈ বাকী থকা ধনৰ যিটোৱেই কম হয়, সেই পৰিমাণৰ ধন প্ৰদান কৰা হয় ।

দ্বিতীয় পৰ্যায়ত দৰং জিলাত মুঠ ৩৭২৪ গৰাকী মহিলা উপকৃত হৈছে আৰু ৬,২৫,২৫, ৭৯৮/- টকাৰ চেক বিতৰণ কৰা হব । আজি আনুষ্ঠানিকভাৱে কেইবাগৰাকী মহিলাক চেক বিতৰণ কৰা হয় ।

অনুষ্ঠানত মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আদি কৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি আজিৰ অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page