top of page

তামুলপুৰত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্বাৰ ৪ গৰাকী কিশোৰ-কিশোৰী

ন্যায়িক জিম্মালৈ প্ৰেৰণ এগৰাকী মানৱ সৰবৰাহকাৰীক

প্ৰতিবেদক তামুলপুৰ,৪ মাৰ্চঃ

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে লৈ যোৱা যুৱক-যুৱতীৰ দলক উদ্বাৰ দৰঙামেলা আৰক্ষীৰ। যোৱা ১ মাৰ্চৰ নিশা তামুলপুৰ জিলাৰ ভাৰত- ভূটান সীমান্তৰ পৰা মৰিয়ম মাৰ্ডি নামৰ এগৰাকী মহিলাই বহিঃ ৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে জম্মু-কাশ্মীৰত নি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে লোক কেইজনক।

উল্লেখ্য যে, সৰবৰাহকাৰী গৰাকীয়ে ৰঙিয়াৰ এটা বাসগৃহত যুৱক যুৱতী কেইজনক লৈ অনাৰ পিছত দৰঙামেলা অঞ্চলৰ যুৱক যুৱতী চাৰিজনে মানৱ সৰবৰাহ কাৰীৰ কৱলত পৰাৰ উমান পাই দৰঙামেলা আৰক্ষীক খবৰ দিয়াত দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলে ৰঙিয়া আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে মুঠ ১৩ গৰাকী যুৱক- যুৱতীক তথা কিশোৰ কিশোৰীক। ইয়াৰে ৯ গৰাকীক ৰঙিয়া আৰক্ষীক গতাই দিয়াৰ লগতে আন চাৰি গৰাকী লোকক লৈ আনে দৰঙামেলা আৰক্ষী চকীত। পৰৱৰ্তী সময়ত পুনৰ দৰঙামেলাৰ লোক চাৰি জনৰ সৈতে সৰবৰাহকাৰী মৰিয়ম মাৰ্ডিয়ে যোগাযোগ স্থাপন কৰোতে দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দলে সৰবৰাহকাৰী গৰাকীক আটক কৰি সোধপোচৰ অন্তত আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে বাকী কেইজন সৰবৰাহকাৰীক আটক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে দৰঙামেলা আৰক্ষীয়ে।


Opmerkingen


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page