top of page

ঠাকুৰবাৰী চাহ বাগিচাত দুদিনীয়া কাৰ্যসূচীৰে কৰম পূজা উদযাপন

প্ৰতিবেদক, ৰঙাপৰা,২৬ছেপ্টেম্বৰ:

শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত ঠাকুৰবাৰী চাহ বাগিছাৰ ৯নং শ্ৰমিক লাইনত সদৌ অসম আদিবাসী ছাত্র সন্থা(আছা)ৰ ঠাকুৰবাৰী প্ৰাথমিক গোটৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰধান তথা কৃষি ভিত্তিক উৎসৱ কৰম পূজা৷ কৰম ডাল পূজা বেদীত স্থাপন কৰাৰ পিছতে মুখৰিত হৈ পৰে উৎসৱস্থলী।

আদিবাসী যুৱক-যুৱতীসকলে ঝুমুৰ নৃত্যৰে মন-প্ৰাণ উদ্বেলিত কৰি তোলে। কৰম পূজা উপলক্ষে আবেলিৰ ভাগত অনুষ্ঠিত হৈ যায় এখনি মুকলি সভা৷আদিবাসী ছাত্ৰ নেতা বিৰজু ওৰাংৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত আত ধৰে প্ৰাক্তন ছাত্র নেতা বিজয় ভেংৰাই।

ছাত্র নেতা আমান ওৰাং আৰু সূৰজ ওৰাংয়ে অনুষ্ঠান পৰিচালনাত সহযোগ কৰে।ৰঙাপৰা মণ্ডল বিজেপিৰ সভাপতি দিপক তেলি,ঠাকুৰবাৰী চাহ বাগিচাৰ সহকাৰী পৰিচালক মাধুৰ্জ্য ৰাজ দত্ত, আছাৰ শোণিতপুৰ জিলা প্ৰচাৰ সম্পাদক কৃষ্ণ নায়ক,ডি ডাইমণ্ড হাৰ্ট ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মেহজেবিন নেছা, ঠাকুৰবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী মীৰা পানিকা,আঞ্চলিক পঞ্চায়তৰ সদস্যা গৌৰী কাণ্ডুলনা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷সভাত কৰম পূজা উপলক্ষে ঝুমইৰ নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।বিয়লি কৰম ডাল বিসৰ্জনৰে কৰম উৎসৱৰ সামৰণি হয়।


Bình luận


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page