top of page

জলসিঞ্চন বিভাগৰ নৱনিৰ্বাচিত ৩২৫ গৰাকী কনিষ্ঠ অভিযন্তাক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ

অসম প্ৰশাসনিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ লগতে জলসিঞ্চন বিভাগৰ নৱনিযুক্ত প্ৰাৰ্থীসকললৈ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

জলসিঞ্চন বিভাগৰ নৱনিৰ্বাচিত ৩২৫ গৰাকী কনিষ্ঠ অভিযন্তাক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ

অতি সোনকালেই জলসিঞ্চন বিভাগৰ তৃতীয় বৰ্গৰ পদত ৬৬৮ গৰাকী প্ৰাৰ্থী আৰু চতুৰ্থ বৰ্গৰ পদত ৫৪৩ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ’ব নিযু্‌ক্তি

চাৰিটা অন্যান্য বিভাগত জলসিঞ্চন বিভাগৰ প্ৰাক্তন কৰ্মচাৰীৰ ৪৮ গৰাকী যোগ্য নিকটাত্মীয়ক অনুকম্পামূলক নিযুক্তিৰ প্ৰস্তাৱ

দিছপুৰ, ২৯ অক্টোবৰঃ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অসম প্ৰশাসনিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ নৱনিযুুক্ত বিষয়াসকলৰ লগতে জলসিঞ্চন বিভাগৰ নৱনিৰ্বাচিত ৩২৫ গৰাকী কনিষ্ঠ অভিযন্তাৰ মাজত আনুষ্ঠানিক নিযুক্তিপত্ৰ বিতৰণ কাৰ্যসূচীত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলেও অংশগ্ৰহণ কৰে৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা অবিৰত অভিযানৰ অংশ হিচাপে আজি জলসিঞ্চন বিভাগৰ নৱনিৰ্বাচিত ৩২৫ গৰাকী কনিষ্ঠ অভিযন্তাক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। ইয়াৰে ২৪৯ গৰাকী চিভিল অভিযন্তা, ৬৪ গৰাকী মেকানিকেল অভিযন্তা আৰু ১২ গৰাকী বৈদ্যুতিক অভিযন্তা৷ ইয়াৰ পূৰ্বে যোৱা ২৩ ছেপ্টেম্বৰ তাৰিখেও বিভাগটোত ১৩৭ গৰাকী সহকাৰী অভিযন্তাক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। এই প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰি অতি সোনকালেই জলসিঞ্চন বিভাগৰ তৃতীয় বৰ্গৰ পদত ৬৬৮ গৰাকী প্ৰাৰ্থী আৰু চতুৰ্থ বৰ্গৰ পদত ৫৪৩ গৰাকী প্ৰাৰ্থীক নিযু্‌ক্তি প্ৰদান কৰা হ’ব৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে চলাই থকা নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতেই এই নিযুক্তিসমূহ প্ৰদান কৰা হ’ব৷

স্মৰ্তব্য যে জলসিঞ্চন বিভাগত এতিয়ালৈকে ২১ গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অনুকম্পামূলক নিযুক্তি প্ৰদান কৰাৰ উপৰি হিন্দুস্থান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ ২ গৰাকী প্ৰাক্তন কৰ্মচাৰীকো চতুৰ্থ বৰ্গৰ পদত নিয়োগ কৰা হৈছে৷ তদুপৰি অনুকম্পামূলক নিযুক্তিৰ বাবে থকা ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সিদ্ধান্তমৰ্মে কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা জলসিঞ্চন বিভাগৰ প্ৰাক্তন কৰ্মচাৰীৰ ৪৮ গৰাকী যোগ্য নিকটাত্মীয়ক অনুকম্পামূলক নিযুক্তি প্ৰদানৰ বাবে চাৰিটা অন্যান্য বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।

মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন; দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

আনহাতে, মন্ত্ৰী অশোক সিংহলে আজি নিযু্‌ক্তিপত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে৷ নিজৰ চেষ্টা আৰু একাগ্ৰতাৰ বলত সম্পূৰ্ণৰূপে মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰি নিজৰ পৰিয়াল আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা নৱনিযুক্ত প্ৰাৰ্থীসকলে এতিয়া কৰ্মক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সময় বুলি মন্তব্য কৰি সততা, কৰ্তব্যপৰায়ণতা, নিয়মানুবৰ্তিতা আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্যত এশ শতাংশই উজাৰি দিবলৈ নিযুক্তিপ্ৰাপ্তসকলৰ প্ৰতি তেওঁ আহ্বান জনাইছে।


Comentarios


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page