'জল জীৱন মিছন' ৰ অধীনত কামৰূপ জিলাৰ ১৩৩৬৭ টা পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ যোগান
- Akshay Sharma
- Jul 31, 2021
- 1 min read
গুৱাহাটী, ৩১ জুলাই:
আজি জল জীৱন মিছনৰ অধীনত কামৰূপ জিলাৰ ১৩৩৬৭ পৰিয়াললৈ নলযোগে পানীযোগান ব্যৱস্থাৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে আয়োজন কৰা এই উদ্বোধনী অনুষ্ঠানত প্ৰকল্পটিৰ উদ্বোধন কৰে। এতিয়াৰে পৰা পৰিয়ালসমূহে সু-ব্যৱস্থাৰ মাজেৰে বিশুদ্ধ খোৱা পানী লাভ কৰিব।
উক্ত অনুষ্ঠানত মোৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপ জিলাৰ উপায়ুক্ত সহিতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা তথা বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ।

Commentaires