top of page

জি.এ.ই.এফ.ৰ উদ্যোগত ‘অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান’ ৰ্শীষক ৱেবিনাৰ

৩০অক্টোবৰ:

গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF,http://www.gaefnortheast.org )ৰ উদ্যোগত “অসমত যুৱ উদ্যোগীকৰণ – সফলতা আৰু প্ৰত্যাহ্বান(Youth Entrepreneurship in Assam – Successes and Challenges)” ৰ্শীষক এখন ৱেবিনাৰ অনুষ্ঠিত হয় ।

জি.এ.ই.এফ. আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণ সম্পাদক অঞ্জনা বৰদলৈয়ে আঁত ধৰা ৱেবিনাৰখনত সমল ব্যক্তি আছিল- নৰ্থ ইষ্ট এগ্ৰ'প্ৰডাক্টচ্ এণ্ড চাৰ্ভিচেজ্ (বাহুবলী কণী আৰু সাঁজ)ৰ স্বত্বাধিকাৰী আকাশ জ্যোতি গগৈ আৰু বেচপক: ইণ্টেৰিয়ৰ ডিজাইনাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক কৰিশ্মা কাকতি । এই দুইগৰাকী যুৱ আৰু সফল উদ্যোগীয়ে নিজৰ লাভজনক কেৰিয়াৰ এৰি অসমলৈ ঘূৰি আহি নিজাকৈ ব্যৱসায় আৰম্ভ কৰে। আকাশ জ্যোতি গগৈ আৰু কৰিশ্মা কাকতিয়ে যুৱ উদ্যোগীকৰণৰ ওপৰত বিশদ ভাৱে আলোচনা আগবঢ়ায় ।

তেওঁলোকে নিজৰ যাত্ৰাৰ উদাহৰণ দি ষ্টাৰ্ট-আপে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা কয়, যেনে -বিনিয়োগ বিচাৰি উলিওৱা, ব্ৰেণ্ডিং, মেণ্টৰশ্বিপ আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমীয়া সমাজত মানসিকতাৰ প্ৰত্যাহ্বান য’ত সাধাৰণ মতামত হ’ল চৰকাৰী চাকৰিটোৱেই আটাইতকৈ নিৰাপদ বিকল্প কেৰিয়াৰ হিচাপে গ্রহণ কৰা । তেওঁলোকে মেণ্টৰশ্বিপৰ ভূমিকা আৰু প্ৰয়োজনীয়তাৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে । এই ৱেবিনাৰখনত তিনিখন মহাদেশৰ পৰা অংশগ্ৰহণকাৰী আছিল আৰু ফেচবুকৰ যোগেদিও লাইভ প্ৰচাৰ কৰা হৈছিল। উল্লেখযোগ্য যে , জি.এ.ই.এফ.হৈছে এনে এখন মঞ্চ য’ত ভৱিষ্যতে উদ্যোগী হ’বৰ বাবে পৰিকল্পনা কৰা সকলক পৰামৰ্শ, নিৰ্দেশনা আৰু সংযোগ কৰাৰ ব্যৱস্থা গ্রহণ কৰে।ৱেবিনাৰখনৰ ৰেকৰ্ডিং সংস্কৰণ জি.এ.ই.এফ.ৰ ফেচবুক পেজত (https://www.facebook.com/100000495503180/videos/6262670500415667/) উপলব্ধ। পৰৱৰ্তী মাহেকীয়া ৱেবিনাৰখন ২৭ নৱেম্বৰ, ২০২২ তাৰিখে সন্ধিয়া ৯বজাত অনুষ্ঠিত হ’ববুলি উদোক্তাসকলে জানিবলৈ দিয়ে ।


留言


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page