top of page

চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ বিয়োগত মন্ত্ৰী অশোক সিংহলৰ গভীৰ শোক প্ৰকাশ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে জ্যোতি চিত্ৰবনত উপস্থিত হৈ তাত আয়োজিত সমূহীয়া শ্ৰদ্ধাঞ্জলি ব্যৱস্থাৰ বুজ ল'লে মন্ত্ৰী সিংহলে


দিছপুৰ, ২৭ অক্টোবৰঃ

অসমীয়া চলচ্চিত্ৰ জগতৰ উজ্জ্বল জ্যোতিষ্ক, চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে। এক শোকবাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰবীণ অভিনেতাগৰাকীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ এক বিৰাট শূণ্যতা নামি আহিল। মন্ত্ৰী সিংহলে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী সিংহলে আজি জ্যোতি চিত্ৰবনত উপস্থিত হৈ তাত অনুষ্ঠিত হ'বলগীয়া সমূহীয়া শ্ৰদ্ধাঞ্জলি ব্যৱস্থা সম্পৰ্কে বুজ লয়।

উল্লেখযোগ্য যে কালজয়ী শিল্পী নিপন গোস্বামীৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। মন্ত্ৰী সিংহলে অৱগত কৰে যে গুণমুগ্ধসকলৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে আজি বিয়লি ২ বজাৰ পৰা কাইলৈ পুৱা ৯ বজালৈকে প্ৰয়াত শিল্পীগৰাকীৰ নশ্বৰদেহ জ্যোতি চিত্ৰবনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ পুৱা ৯ বজাত তেখেতৰ নশ্বৰদেহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ নি তাৰপাছতেই নৱগ্ৰহ শ্মশানত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page