top of page

চিত্ৰ শিল্পী নীল পৱন বৰুৱাৰ মৃত্যুত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক

গুৱাহাটী, ২৮অক্টোবৰ:

বৰ্ষীয়ান চিত্ৰ শিল্পী তথা ধ্বনি কবি বিনন্দ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ নীল পৱন বৰুৱাৰ মৃত্যুত সাংস্কৃতিক মন্ত্রী বিমল বড়াই গভীৰ শোক প্রকাশ কৰিছে৷ দীর্ঘ অসুস্থতাৰ অন্তত আজি দিনৰ ৩:১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোক প্ৰাপ্তি ঘটা বিশিষ্ট চিত্র শিল্পী গৰাকীয়ে ৰাজ্যৰ চিত্র শিল্পৰ জগত খনলৈ আগবঢ়োৱা অৱদান অসমবাসীয়ে চিৰ দিন মনত ৰাখিব বুলি এক বিবৃতি যোগে মন্ত্রী বড়াই কয়।

উল্লেখ্য যে সাংস্কৃতিক মন্ত্রী বড়া গুৱাহাটীৰ বাহিৰত থকাত তেওঁৰ নিৰ্দেশ ক্ৰমে বিশেষ কৰ্তব্য ৰত বিষয়া ৰাজীৱ থাপা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ প্ৰয়াত শিল্পী গৰাকীক পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে জিলা প্ৰশাসনৰ সৈতে সমগ্ৰ ব্যবস্থাৰ তাৰ কৰে। নিশালৈকে মন্ত্রী বড়া গুৱাহাটী আহি পোৱাৰ কথা।

কাইলৈ দিনৰ ২বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্রহ শ্মশানত শিল্পী গৰাকীৰ অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰা হব।



Comentários


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page