"কংগ্ৰেছত চলি আছে এতিয়া দালাল ৰাজ"
- Akshay Sharma
- Jun 11, 2022
- 1 min read
কিশোৰ কলিতা, মঙ্গলদৈ, ১১ জুন:
দৰং জিলা কংগ্ৰেছৰ উপসভাপতি দুলাল হিৰাৰ বিস্ফোৰণ কংগ্ৰেছত চলি আছে এতিয়া দালাল ৰাজ ।
বিধান সভা নিৰ্বাচনত দুলাল হিৰাক বিধায়ক পদৰ বাবে বিচাৰিছিল ৭ কোটি টকা।
অসমৰ দায়িত্বৰ থকা জিতেন্দ্ৰ সিঙৰ হৈ অনিৰুদ্ধ সিঙে এই ধন বিচৰাৰ অভিযোগ উপসভাপতি গৰাকীৰ ।
দালালি নকৰিলে আজিৰ দিনত কংগ্ৰেছ লিদাৰ হব নোৱাৰে ।
অকল সাত কোটি নহয় বিধায়ক পদৰ বাবে আবেদন কৰিলে ধন দিব লাগে অসমৰ দালালকো ।
দৰং কংগ্ৰেছৰ বৰ্তমান ইনচাৰ্জ হিচাবে থকা খলিলুৰ ৰহমানকো দালাল আখ্যা উপসভাপতি গৰাকীৰ ।
কংগ্ৰেছৰ পৰা অব্যাহতি নোলোৱাকৈ এই অভিযোগ আনে নেতা গৰাকীয়ে ।
দিল্লীৰ পৰা অহা নেতা সকলে অসমত একমাত্ৰ ধন ঘটাৰ বাবেই আহে বুলিও কয় উপসভাপতি দুলাল হিৰাই ।
কংগ্ৰেছ দলত থাকিয়েই তেখেতে কলে দৰং কংগ্ৰেছৰ এতিয়া কোনো অস্তিত্ব নাই ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দিয়া আদেশকো কেৰেপ নকৰে দৰঙৰ এইগৰাকী উপসভাপতি দুলাল হীৰাই ।
দলীয় বিষয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব কোৱাৰ পিছতো মুকলিকৈ প্ৰকাশ কৰিলে ক্ষোভ ।

Comments