আমিনগাঁৱৰ পৰা চাংসাৰিলৈ ধাবাত অভিযান চলালে আবকাৰী বিভাগে
- Akshay Sharma
- Jul 20, 2021
- 1 min read
কামৰূপ (আমিনগাঁও) ২০ জুলাই:
আজি কামৰূপৰ চাংসাৰি মণ্ডলৰ আবকাৰী পৰিদৰ্শক নৰেন দাসৰ নেতৃত্বত আমিনগাঁৱৰ পৰা চাংসাৰিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাসমূহত অভিযান চলোৱা হয়। এই অভিযানৰ সময়ত অনুমতি নথকা ৰাজহুৱা স্থানত বিলাতী সুৰা পান কৰি থকাৰ বাবে আবকাৰী সংশোধনী আইন-২০১৮ৰ ৬১ (b)a ধাৰাৰ অধীনত ২জন ব্যক্তিক জৰিমনা বিহা হয়।
আনহাতে চাংসাৰি, চিলা, কৰৈবাড়ী আৰু কালিবাড়ী অঞ্চলত অভিযান চলাই প্ৰায় ৫৬ লিটাৰ চুলাই মদ আৰু ২৬৫ কিলোগ্ৰাম চুলাই মদ বনোৱা 'পাচ' ধ্বংস কৰা হয়।

Comments