top of page

"টেলেন্ট অফ বলিউড" ৰিয়েলিটি শ্ব'ৰ অডিচন অনুষ্ঠিত

ৰেড মুন ফিল্মচৰ উদ্যোগত বেলতলা হাইস্কুলত যোৱা ১৯ ফেব্ৰুৱাৰীত "টেলেন্ট অফ বলিউড" নামৰ ৰিয়েলিটি শ্ব' ছিজন ২ ৰ অডিচনতো অনুষ্ঠিত হৈ যায়। অডিচনটিত অংশ গ্ৰহণকাৰী সকলৰ অংশ গ্ৰহণ চমকপ্ৰদ আছিল। একাধিক শিশুৱে শ্ব' টোত অংশগ্ৰহণ কৰে।

শ্ব'টোৰ আয়োজক হ'ল চেকলিন আজহাৰ আৰু গুৱাহাটী অডিচনটিৰ আয়োজক হ'ল ৰূপজ্যোতি পাঠক । নিমন্ত্ৰণক্ৰমে বিশেষ অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে অক্ষয় ৰয় (বাবাদা),চিনেমা পৰিচালক - সংগীত পৰিচালক ৰিদিপ দাস, কৰিঅ'গ্ৰাফাৰ প্ৰীতম দাস,কৃষ্ণা কাকতি অভিনেত্ৰী আৰু লগতে বেলতলা হাইস্কুলৰ প্ৰধান শিক্ষক অমূল্য মোহন দুৱৰাদেৱ।


65 views0 comments
bottom of page